তেজপুৰ, ৩ জুনঃতেজপুৰ পৌৰসভাৰ সভাকক্ষত আয়োজন কৰা এক কাৰ্যসূচীত,তেজপুৰ পৌৰসভাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত অন্তৰীপা দৈমাৰীয়ে বুধবাৰে ৩ খনকৈ নতুন টিপাৰ ট্ৰাক উদ্বোধন কৰে । অসম চৰকাৰৰ পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ পৰা পোৱা টাটা এল.পি.কে এক্স বি.এচ-IV মডেলৰ এই ট্ৰাক কেইখনৰ বহন ক্ষমতা ৩ কিউবিক মিটাৰ । বুধবাৰে এই কাৰ্যসূচীত পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী পুষ্পা ডেকাসহ জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱাও উপস্থিত থাকে ।
তেজপুৰ পৌৰসভাৰ ৩ খন টিপাৰ ট্ৰাক উদ্বোধন - টিপাৰ ট্ৰাক উদ্বোধন
তেজপুৰ পৌৰসভাৰ অধীনৰ প্ৰতিটো অঞ্চলৰ ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰাৰ বাবে আজি ৩ খনকৈ নতুন টিপাৰ ট্ৰাক উদ্বোধন কৰা হয় ৷
![তেজপুৰ পৌৰসভাৰ ৩ খন টিপাৰ ট্ৰাক উদ্বোধন three tipper trucks inaugurated in tezpur municipality board](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7465627-835-7465627-1591203135700.jpg)
three tipper trucks inaugurated in tezpur municipality board
বুধবাৰে টিপাৰ ট্ৰাক উদ্বোধন কৰি তেজপুৰ পৌৰসভাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়াগৰাকীয়ে,৩ খন টিপাৰ ট্ৰাকৰ এখন বিশেষভাৱে তেজপুৰ পৌৰসভা এলেকাৰ অধীনৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা আৱৰ্জনা সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হ'ব । আনহাতে আন দুখন নিয়মিত পৌৰসভাৰ কামত নিয়োজিত কৰা হ’ব বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।
লগতে চাওকঃ জনসংযোগ কৰ্মচাৰীৰে বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ