অসম

assam

ETV Bharat / state

ৰঙাপৰাত হস্তনিৰ্মিত বন্দুকসহ তিনিজনক আটক - প্ৰকৃত ৰহস্য পোহৰলৈ আহিব

ৰঙাপৰাত শুকুৰবাৰে অস্ত্ৰ-শস্ত্ৰ সহ তিনিজন ব্যক্তিক আটক ৰঙাপৰা আৰক্ষীৰ ৷ আটকাধীন ব্যক্তিজন কেইজনৰ পৰা আৰক্ষীয়ে দুটা টৰ্চ লাইট, এটা হস্তনিৰ্মিত বন্দুক, তিনিখন খুকুৰি আৰু ১৭ টাকৈ গুলি জব্দ কৰে ৷

three person arresteed in rangapara tea estate
ৰঙাপৰাত হস্তনিৰ্মিত বন্দুকসহ তিনিজন আটক

By

Published : May 8, 2021, 6:59 PM IST

ৰঙাপৰা, 8 মে': শোণিতপুৰৰ ৰঙাপৰাত শুকুৰবাৰে অস্ত্ৰ শস্ত্ৰ সহ তিনিজন ব্যক্তিক আটক ৰঙাপৰা আৰক্ষীৰ ৷ ঘটনা অনুসৰি শুকুৰবাৰে নিশা ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ অঞ্চলত তিনিজন ব্যক্তি সন্দেহজনকভাৱে ঘূৰি ফুৰি থকা একাংশ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল ৷ ৰাইজে ঘটনা সন্দৰ্ভত ৰঙাপৰা আৰক্ষীক অৱগত কৰাত লগে লগে ৰঙাপৰা আৰক্ষী উপস্থিত হৈ ব্যক্তি তিনিজনক আটক কৰি থানাৰ লৈ যায় ৷ আটকাধীন ব্যক্তিকেইজনৰ পৰা আৰক্ষীয়ে দুটা টৰ্চ লাইট, এটা হস্তনিৰ্মিত বন্দুক, তিনিখন খুকুৰি আৰু ১৭ টাকৈ গুলি জব্দ কৰিবলৈ সক্ষম হয় ৷

ৰঙাপৰাত হস্তনিৰ্মিত বন্দুকসহ তিনিজন আটক

আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইজন হ’ল ক্ৰমে ৰঙাপৰাৰ ৰৌনাথপুৰৰ পাউলুছ মুণ্ডা, বিতেন নাগ আৰু বিনোদ হেমৰেম ৷ নিশাৰ ভাগত চাহ বাগিচাৰ অঞ্চলত উক্ত লোক কেইজনে হস্তনিৰ্মিত বন্দুক আৰু চোকা অস্ত্ৰ লৈ কি কাৰণত ঘূৰি ফুৰিছিল তাৰ প্ৰকৃত কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে ৷ উল্লেখ্য যে, যোৱা ৪ মাৰ্চত ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ এগৰাকী সহ পৰিচালকক নিশাৰ ভাগত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছিল ৷ উক্ত ঘটনাৰ সৈতে কালি আটক কৰা লোককেইজন জড়িত থকা বুলি প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে ৰঙাপৰাৰ আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক:নামতিত পশুধনক খুন্দিয়াই বিকল ৰে’লৰ ইঞ্জিন

ABOUT THE AUTHOR

...view details