অসম

assam

ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজন হ'ল তিনিখনকৈ নতুন ঠাই - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ

পূৰ্বে ৰাষ্ট্ৰীয় উদ্যান খনৰ দৰ্শনৰ বাবে অহা পৰ্যটকৰ এক মাত্ৰ উদ্যানৰ ভিতৰত আৰু সংলগ্ন এলেকা সমূহ পৰিদৰ্শন কৰিবলৈ দিয়া হৈছিল ৷ কিন্তু এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটকে তিনিটা খণ্ডত ভ্ৰমণ কৰিব পাৰিব ।ইয়াৰ ভিতৰত ভোমোৰাগুৰিৰ পৰা জীয়া ভৰলী লৈকে ৰাফটিং,বান্দৰ ডুবিত জীপ চাফাৰী আৰু চিৰাংত ট্ৰেকিংৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

Three new places Added in The Kaziranga national park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজন হ'ল তিনিখনকৈ নতুন ঠাই

By

Published : Oct 19, 2020, 6:11 PM IST

তেজপুৰ, 19অক্টোবৰঃআগন্তুক 21 অক্টোবৰত পৰ্যটকৰ বাবে সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ উদ্যানখন মুকলি হোৱাৰ প্ৰাকমূৰ্হুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ পৰ্যটকৰ বাবে এক ভাল খবৰ ৷ ভোমোৰাগুৰি,বান্দৰ ডুবি আৰু চিৰাংকে দৰি তিনিখনকৈ ঠাই নতুনকৈ সংযুক্ত কৰা হৈছে পৰ্যটকৰ বাবে ৷ এই তথ্য অৱগত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ৷

সোমবাৰে ই টিভি ভাৰতৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত সঞ্চালকগৰাকীয়ে কয় যে,পূৰ্বে ৰাষ্ট্ৰীয় উদ্যান খনৰ দৰ্শনৰ বাবে অহা পৰ্যটকৰ এক মাত্ৰ উদ্যানৰ ভিতৰত আৰু সংলগ্ন এলেকা সমূহ পৰিদৰ্শন কৰিবলৈ দিয়া হৈছিল ৷ কিন্তু এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটকে তিনিটা খণ্ডত ভ্ৰমণ কৰিব পাৰিব । ইয়াৰ ভিতৰত ভোমোৰাগুৰিৰ পৰা জীয়া ভৰলী লৈকে ৰাফটিং,বান্দৰ ডুবিত জীপ চাফাৰী আৰু চিৰাংত ট্ৰেকিংৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ স্থানীয় পৰ্যটন ক্ষেত্ৰৰ লগত ইতিমধ্যে এখন বৈঠক অনুষ্ঠিত হৈছে যদিও ৰাষ্ট্ৰীয় উদ্যানখন মুকলি হোৱাৰ পিছত এখন কাৰ্যকৰী বৈঠক অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে পি শিৱ কুমাৰে ৷ ৰাফটিংৰ বাবে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে জীয়া ভৰলী আৰু কামেং নদীৰ মাজত সীমাবদ্ধ আছিল যদিও এই সংযোজন ভোমোৰাগুৰিৰ জীয়া ভৰলী আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলীৰ পৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানলৈকে হ'লে ই এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও নিজৰ মন্তব্যত উল্লেখ কৰে সঞ্চালকগৰাকীয়ে ৷

যোৱা ছেপ্টেম্বৰ মাহৰ ৩ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ তিনিটা সংযোজন কৰা হৈছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু ব্যাঘ্ৰ প্ৰকল্পক সামৰি অসম চৰকাৰে ৩ ছেপ্টেম্বৰৰ পৰা তিনিটা নতুন সংযোজন সম্প্ৰসাৰণ কৰে । সপ্তম,অষ্টম আৰু নৱম সংযোজনেৰে নগাঁও আৰু শোণিতপুৰ জিলাৰ কেবাটাও অংশ সামৰি লোৱা হৈছে ৷ এই তিনিটা সংযোজন মুঠ এলেকা এনেধৰণৰ,সপ্তম সংযোজনত নগাঁও জিলাৰ দেউচৰা পালখোবা সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্টৰ ১৭৬ হেক্টৰ, অষ্টম সংযোজনত নগাঁৱ জিলাৰ বান্দৰডুবিৰ মুঠ ৩০৭ হেক্টৰ আৰু নৱম সংযোজনত শোণিতপুৰ জিলাৰ মৌ খোৱা চাপৰিৰ মুঠ ২৫৭০ হেক্টৰ ভূমি সামৰি লোৱা হৈছে ৷ ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি আৰু ইয়াৰ ভিতৰত ষষ্ঠ সংযোজন শোণিতপুৰ আৰু বিশ্বনাথ জিলা সামৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে সংযোজিত হৈ আছে । এই নতুনকৈ সংযোজিত তিনিটা অঞ্চল বেদখলকাৰীৰ কবলত আছিল কিন্তু বৰ্তমান সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰি চৰকাৰে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজন হ'ল তিনিখনকৈ নতুন ঠাই

আনহাতে,এই সংযোজনে বন্য প্ৰাণীৰ মুক্ত বিচৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব আৰু মানুহৰ সংঘাতৰ পৰা মুক্ত হ'ব বুলি আশা প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ মন কৰিবলগীয়া কথা যে, পূৰ্বে বিশ্বনাথ বন্য প্ৰাণী এলেকা সামৰি ৮৮৫ বৰ্গ কিলোমিটাৰ আছিল যদিও বৰ্তমান এই তিনিটা সংযোজনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ ৯১৫.৫৩ বৰ্গ কিলোমিটাৰ হ'ব ৷

লগতে পঢ়কঃপৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details