তেজপুৰ,১০ এপ্ৰিল: মানাহ ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে নতুন আলহী হ’ল তিনিটাকৈ গঁড়ৰ পোৱালী । নতুন গঁড় তিনিটা মানাহত সংযোজনৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ সংখ্যা বৃদ্ধি পালে ৪৪ টালৈ । গঁড়ৰ পোৱালী তিনিটাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আনি শনিবাৰে পুৱা বিটিআৰৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপন কৰা হয় ৷
উল্লেখ্য যে, ২০১৯ চনৰ ভয়াবহ বানৰ সময়ত বন বিভাগে আই এফ এ ডব্লিউ আৰু ডব্লিউ টি আইৰ সহযোগিতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গঁড়ৰ পোৱালী তিনিটাক উদ্ধাৰ কৰি পাণবাৰীৰ সংৰক্ষণ কেন্দ্ৰত প্ৰতিপাল কৰি ৰাখিছিল ৷ গঁড় তিনিটাৰ দুটা মাইকী আৰু এটা মতা । মাইকী গঁড় পোৱালী দুটা বিশ্বনাথৰ হাতীমুৰা আৰু কুঠৰীৰ পৰা আৰু আনটো শলমৰাৰ পৰা ২০১৯ চনৰ জুলাই আৰু আগষ্ট মাহত উদ্ধাৰ কৰা হৈছিল ।