অসম

assam

ETV Bharat / state

জামুগুৰিহাটত চৰকাৰী ভূমি বেদখল কৰিবলৈ আহি গ্ৰেপ্তাৰ তিনি - Padma Hazarika Sotea MLA

চতিয়া সমষ্টিৰ জামুগুৰিহাটত চৰকাৰী ভূমি বেদখল কৰিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল তিনি জনকৈ লোক ৷ বেদখলমুক্ত কৰা মাটিত পুনৰ বেদখলৰ চেষ্টা চলোৱা সকল আৰু এই ক্ষেত্ৰত উচতনি দিয়া সকলৰ বিৰুদ্ধে আইনি দৃষ্টি ভংগীৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়নি প্ৰদান চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷

Three arrested for evicting government land in Jamugurihat
Three arrested for evicting government land in Jamugurihat

By

Published : Jun 30, 2020, 4:37 AM IST

চতিয়া, 29 জুন:ৰাজ্যজুৰি কৰ'ণা মহামাৰী, বানপানীয়ে বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰি থকাৰ সময়তে চতিয়া সমষ্টিৰ জামুগুৰিহাটত চৰকাৰী ভূমি বেদখল কৰিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল তিনি জনকৈ লোক ।

মনকৰিবলগীয়া যে, জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰৰ হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি চতিয়া সমষ্টিৰ ভোটাৰ তালিকাত নাম নথকা একাংশ সন্দেহজনক লোকে বেদখল কৰি স্থানীয় লোক সকলৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে শোণিতপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা এই সকল সন্দেহ জনক লোকক উচ্ছেদ কৰা হৈছিল ।

জামুগুৰিহাটত চৰকাৰী ভূমি বেদখল কৰিবলৈ আহি গ্ৰেপ্তাৰ তিনি

কিন্তু পাঁচ বাৰকৈ উচ্ছেদ কৰাৰ পাছতো একাংশ লোকৰ উচতনিত উচ্ছেদিত লোক সকলে বাৰে বাৰে পুনৰ বেদখল কৰিবলৈ চেষ্টা চলাই আহিছে চৰকাৰী ভূমি সমূহ । এই সন্দৰ্ভত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জিলা প্ৰশাসনে বেদখলমুক্ত কৰা মাটি পুনৰ বেদখলৰ চেষ্টা চলোৱা সকল আৰু এই ক্ষেত্ৰত উচতনি দিয়া সকলৰ বিৰুদ্ধে আইনি দৃষ্টি ভংগীৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়নি প্ৰদান কৰে সংবাদ মাধ্যমৰ আগত ।

ABOUT THE AUTHOR

...view details