তেজপুৰ, ২ এপ্ৰিলঃদিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত শোনিতপুৰ জিলাৰ পৰা অংশগ্ৰহণ কৰা কেইবাগৰাকীও লোকক চিনাক্ত কৰে জিলা প্ৰশাসনে ৷ শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৯ গৰাকী লোকে অংশগ্ৰহণ কৰিছিল নিজামুদ্দিন তবলিগী মাৰ্কাজত ৷ ইয়াৰে ২৮ গৰাকী লোক এতিয়াও জিলাখনলৈ অহা নাই বুলি জানিবলৈ দিয়ে শোনিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে ৷ তেওঁ সদৰি কৰা অনুসৰি, বৰ্মানলৈকে জিলা প্ৰশাসনে ১০ গৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে আৰু সেই নমুনা সমূহ কভিড-19 নিগেটিভ পোৱা গৈছে ৷ ইয়াৰ ভিতৰত এজনৰ তথ্য বৰ্তমানলৈ আহি পোৱা নাই ৷ লগতে একাংশই এই ধৰ্মীয় অনুষ্ঠানৰ পৰা আহি আত্মগোপন কৰি থকাৰ সন্দেহ কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷
শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ ৩৯ গৰাকী লোকে অংশগ্ৰহণ কৰিছিল তবলিগী মাৰ্কাজত - ১০ গৰাকীৰ তেজৰ নমুনা নিগেটিভ
শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৯ গৰাকী লোকে নিজামুদ্দিন তবলিগী মাৰ্কাজত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত ২৮ গৰাকী লোক এতিয়াও জিলাখনলৈ অহা নাই, ১০ গৰাকীৰ তেজৰ নমুনা নিগেটিভ আৰু একাংশই আত্মগোপন কৰি থকাৰ সন্দেহ কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷
thirty nine people from sonitpur district had attended tabliighi zamat