অসম

assam

ETV Bharat / state

New ICU bed at TMCH : আজি 30 খন বিচনাযুক্ত ICU বিচনা মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে - assamese latest news

ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেওবাৰে নতুনকৈ মুকলি কৰা হ’ব 30 খন ICU যুক্ত বিচনা(New ICU bed at TMCH) ৷ এই সুবিধা মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ICU bed added
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ ICU যুক্ত বিচনাৰ সংযোজন

By

Published : Nov 28, 2021, 8:49 AM IST

তেজপুৰ, 28 নৱেম্বৰ :তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নতুন সুবিধাৰ সংযোজন ৷ শিশু আৰু সাধাৰণ ৰোগীৰ বাবে 30 খন ICU যুক্ত বিচনাৰে দুটাকৈ আইচিইউ কক্ষ মুকলি কৰা হ’ব(New ICU bed at TMCH) ৷ দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হাস্পতালখনত উপস্থিত থাকি এই সেৱা মুকলি কৰিব ৷

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব দুটাকৈ ICU কক্ষ

উল্লেখ্য যে, ক’ভিড 19 ৰ নতুন ভেৰিয়েণ্টৰ খবৰে ইতিমধ্যে দেশত তোলপাৰ লগাইছে ৷ ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টা এইক্ষেত্ৰত শলাগ ল’বলগীয়া ৷ পূৰ্বে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’ণা ৰোগীৰ বাবে 36 খন, সাধাৰণ ৰোগীৰ বাবে 20 খন আৰু শিশুৰ বাবে 25 খন আইচিইউযুক্ত বিচনাৰ সুবিধা উপলব্ধ আছিল ৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ ICU যুক্ত বিচনাৰ সংযোজন

আনহাতে, প্ৰথমবাৰৰ কাৰণে চিকিৎসা মহাবিদ্যালয়খনৰ ফেকাল্টি চিকিৎসকসকলৰ সুবিধাৰ্থে চৰকাৰী আৱাসগৃহটো নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ দেওবাৰে মুখ্যমন্ত্ৰীয়ে এই আৱাসগৃহটোও মুকলি কৰিব ৷

লগতে চাওক :Covids new variant detected : দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ

ABOUT THE AUTHOR

...view details