অসম

assam

ETV Bharat / state

বালিপাৰাত চিলনী চোৰৰ তাণ্ডৱ

বাইকত আহি দুটা চোৰে লেবেন বসুমতাৰীৰ পৰা টকাৰ বেগটো লৈ উধাও হয় ৷

By

Published : May 28, 2019, 4:38 PM IST

বালিপৰাত চিলনী চোৰৰ তাণ্ডৱ

ৰঙাপৰা , 28 মে':শোনিতপুৰ জিলাৰ বালিপাৰাত চিলনী চোৰৰ সন্ত্ৰাস ৷ বালিপৰাৰ চেন্ট্ৰেল বেংকৰ পৰা চাৰিদুৱাৰৰ লেবেন বসুমতাৰী নামৰ এজন ব্যক্তিৰ পৰা চোৰে লুট কৰি নিয়ে 5 লাখ টকা ৷

বালিপৰাত চিলনী চোৰৰ তাণ্ডৱ

বসুমতাৰীয়ে বেংকৰ পৰা 5 লাখ টকা উলিয়াই অনাৰ সময়তে আদবাটত বাইকত অহা দুটা চোৰে টকাৰ বেগটো কাঢ়ি লৈ উধাও হয় ৷ যোৱা কিছুদিন ধৰি বালিপাৰাত চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পাই আহিছে যদিও আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ABOUT THE AUTHOR

...view details