অসম

assam

ATM controversy: ATM ত টকা নাই আদানীয়ে সকলো লৈ গ’ল; ক’ত লিখিলে কোনে ?

By

Published : Feb 9, 2023, 10:05 PM IST

এ টি এমৰ সমুখত লগোৱা এখন পোষ্টাৰে বিপাঙত পেলালে গ্ৰাহকক ৷ পোষ্টাৰত লিখা আছে "ATM ত টকা নাই আদানীয়ে সকলো টকা লৈ গ’ল ।" তাৰ পাচতেই লাগে হুৱাদুৱা ৷ অৱশ্যে এয়া কোনো দুষ্ট প্ৰকৃতিৰ লোকৰ কাম বুলি পাচত জানিব পৰা যায় (State Bank of India ATM) ৷

Poster at ATM in Tezpur
এ টি এম ৰ সন্মুখত পোষ্টাৰ

তেজপুৰ, ৯ ফেব্ৰুৱাৰী :তেজপুৰত এটা এ টি এম ৰ সন্মুখত কোনো লোকে আঁৰি থৈ যোৱা এখন পোষ্টাৰে সাধাৰণ জনতাৰ মাজত আমোদৰ সৃষ্টি কৰে (Poster at ATM in Tezpur) । ষ্টেট বেংকৰ উক্ত এ টি এমটোৰ গ্লাছত কোনোবাই এখন পোষ্টাৰত লিখি থৈ যায়- "ATM ত টকা নাই আদানীয়ে সকলো টকা লৈ গ’ল ।" তেজপুৰ চহৰৰ মাজমজিয়াত থকা ক'ৰ্ট চাৰিআলিৰ ভাৰতীয় ষ্টেট বেংকৰ এ টি এমটোত নিশা কোনো অচিনাক্ত লোকে এই পোষ্টাৰিং কৰি থৈ যায় বুলি সন্দেহ কৰা হৈছে (State Bank of India ATM) ৷

অৱশ্যে কিছু সময়ৰ পাচত সেই পোষ্টাৰ আঁতৰাই দিয়া হয় কৰ্তৃপক্ষৰ ফালৰ পৰা । ঘটনাটো আজি সমগ্ৰ দিনজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে তেজপুৰত ৷ আনকি বহুতে পুৱাৰভাগত এ টি এমটোলৈ ধন তুলিবলৈ আহি এই পোষ্টাৰ দেখি আঁতৰিও যায় ৷

শেহতীয়াকৈ দেশৰ অৰ্থনীতিত খলকনি লগোৱা বিশ্বৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী গৌতম আদানিৰ ধন হৰলুকিৰ বিষয়ে চৰ্চা চলি থকা সময়তে তেজপুৰৰ এই পোষ্টাৰকাণ্ডই চিন্তিতও কৰি তোলে বহুতক (Gautam Adani controversy) । গৌতম আদানিয়ে ভাৰতীয় ষ্টেট বেংকৰ পৰা বহু হাজাৰ কোটি টকাৰ ঋণ লৈ ওভতাই নিদিয়াৰ তথ্যই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে । লগতে ভাৰতৰ প্ৰতিষ্ঠিত বীমা কোম্পানী লাইফ ইঞ্চিওৰেঞ্চ কৰ্পোৰেচন ইণ্ডিয়া লিমিটেডৰ পৰাও ধন লৈ আদানিয়ে ঘূৰাই নিদিয়া বিষয়টোৱে খলকনি তুলিছে দেশজুৰি ৷

আনহাতে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে ইটিভি ভাৰতক জনায় যে, এ টি এমটোত পুৱাৰ ভাগত টকা নাছিল আৰু সেই বাবে এ টি এমৰ সুৰক্ষা কৰ্মীগৰাকীয়ে কিছু সময় আঁতৰি গৈছিল (Tezpur ATM news) ৷ তেওঁ ঘূৰি আহিও এ টি এমত কোনোধৰণৰ পোষ্টাৰিং দেখা নাছিল বুলি আৰক্ষীক জনায় । আৰক্ষীয়ে এই বিষয়ে চি চি কেমেৰা ফুটেজ পৰীক্ষা কৰিছে যদিও কোনো ধৰণৰ তথ্য উপলব্ধ হোৱা নাই বুলি জানিব দিয়ে । আনহাতে জিলাখনৰ আৰক্ষী অধীক্ষকে জনোৱা মতে ইতিমধ্যে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:Operation against child marriage : পুনৰ ৰহা আৰক্ষীৰ জালত ১০ জন

ABOUT THE AUTHOR

...view details