ৰঙাপৰা, 25 আগষ্ট :গাৰ নোম শিয়ৰি উঠা এক দৃশ্য ৷ ভৰ বাৰিষাটো বিপদ সংকুলভাৱে যাতায়াত কৰিবলগাত পৰিছে কয়লাজুলিবাসীয়ে ৷ কিয়নো বিগত পাঁচটা বছৰে অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলি নদীৰ ওপৰত নিৰ্মাণ হোৱা নাই এখনো দলং ৷
পাহাৰৰ পৰা বৈ অহা নদীখনৰ পানী গচকি কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে বিপদ সংকুলভাৱে প্ৰতিদিনে যাতায়াত কৰিবলগাত পৰিছে ৷ এয়া আজি বা কালিৰ কথা নহয় ৷ বিগত পাঁচ বছৰ ধৰি কয়লাজুলি নদীখন এনেদৰে খোজকাঢ়িয়ে পাৰাপাৰ হৈ আহিছে অঞ্চলটোৰ ৰাইজে ৷ হাতৰ মুঠিতে প্ৰাণটো লৈ চাইকেল, মটৰ চাইকেল আদি পাৰ কৰি ৰাইজ গন্তব্য স্থানলৈ ৰাওনা হয় ৷
উল্লেখ্য যে, ৰঙাপৰাৰ উৰহীলগা হৈ কয়লাজুলি-চাৰিদুৱাৰ সংযোগী গুৰুত্বপূৰ্ণ পথচোৱাত থকা কয়লাজুলি নদীৰ ওপৰত থকা পকী দলংখন প্ৰায় পাঁচ বছৰ পূৰ্বে বাঢ়নী পানীয়ে এটা অংশ ভাঙি পেলাইছিল । পৰৱৰ্তী সময়ত বাঢ়নী পানীয়ে পকী দলংখনৰ বাকী থকা অংশটোও উটুৱাই লৈ যায় । যাৰ ফলত স্থানীয় ৰাইজে ভৰা নৈত বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়াত পৰিছে ।