অসম

assam

ETV Bharat / state

Elephant Corridors : বন্য হস্তীৰ অৱস্থিতি অবিহনে লুপ্তপ্ৰায় চাৰিদুৱাৰ এলিফেণ্ট কৰিডৰ - বন্য হস্তী

এক সমীক্ষা অনুসৰি শোণিতপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ চাৰিদুৱাৰ শিঙিজুলি অঞ্চলত এলিফেণ্ট কৰিডৰ বন্ধ হৈ পৰিছে ৷ জনবসতি আৰু চাহ বাগিচাৰ বাবে বন্য হস্তীৰ অহা-যোৱা পথ বন্ধ হোৱা বুলি উল্লেখ কৰা হৈছে এই সমীক্ষাত ৷

Chariduar Elephant Corridor
এলিফেণ্ট কৰিডৰৰ পৰা বিলুপ্ত হৈছে বন্য হাতীৰ বিচৰণ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 5:47 PM IST

চাৰিদুৱাৰ শিঙিজুলি বন্ধ হৈ পৰিছে অঞ্চলত এলিফেণ্ট কৰিডৰ

তেজপুৰ, ১৬ ছেপ্টেম্বৰ :শেহতীয়াকৈ প্ৰকাশ পোৱা ভাৰতৰ এলিফেণ্ট কৰিডৰ সম্বন্ধীয় এক সমীক্ষা অনুসৰি শোণিতপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ চাৰিদুৱাৰ শিঙিজুলি অঞ্চলত এলিফেণ্ট কৰিডৰ বন্ধ হৈ পৰিছে ৷ কাৰণ জনবসতি আৰু চাহ বাগিচাৰ বাবে বন্য হস্তীৰ অহা-যোৱা পথ বন্ধ হোৱা বুলি উল্লেখ কৰা হৈছে এই সমীক্ষাত ৷

তথ্য অনুসৰি এতিয়া সেই অঞ্চলত অহা-যোৱা কৰা হাতী সমূহ অৰুণাচল প্ৰদেশৰ পাকে টাগাই ৰিজাৰ্ভলৈ প্ৰস্থান কৰিছে আৰু বনৰীয়া হাতীয়ে অৰুণাচল প্ৰদেশৰ পাকে ৰিজাৰ্ভ অঞ্চলৰ পৰা অন্য দিশেৰে জনাঞ্চলত প্ৰৱেশ কৰে । তেওঁলোকে সমীক্ষাত প্ৰকাশ কৰিছে যে চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰু বাগিচাৰ কাষেৰে এলিফেণ্ট কৰিডৰৰ বাবে পথ মুকলি কৰাৰ প্ৰয়োজন আছিল ৷ মনকৰিবলগীয়া যে এই এলিফেণ্ট কৰিডৰ সমূহ বন্ধ হৈ পৰাৰ ফলত জনাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰব আৰু শস্য অনিষ্ট কৰাৰ মাত্ৰ বৃদ্ধি পাইছে ৷

আনহাতে বিশিষ্ট আৰ টি আই কৰ্মী আৰু অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথে ইটিভি ভাৰতক জনায় যে চাৰিদুৱাৰ বনাঞ্চল আৰু শিঙিজুলি বনাঞ্চলৰ অবৈধ দখল আৰু চাহ বাগিচাৰ বাবে হাতীৰ দণ্ডী সমূহ বন্ধ হৈ পৰিছে ৷ আনহাতে শোণিতপুৰ জিলাত বন আইন সম্পূৰ্ণৰূপে উলংঘা কৰি শোণিতপুৰ জিলাৰ দুখন গুৰুত্বপূৰ্ণ বনাঞ্চলৰ ভূমি গতাই দিয়া হৈছে বেদখলকাৰীক ৷ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবেই ভূমি আবেদনকাৰী সকলৰ নথিত বেদখলকাৰী বুলি স্পষ্টকৈ উল্লেখ থকা স্বত্বেও জিলাখনৰ ১,৩০১ টা বেদখলকাৰী পৰিয়ালক চৰকাৰী ভাবে বনাঞ্চলৰ ভূমি আৱন্তন দিয়া হৈছে ৷

নাথে পূৰ্বতে দহ হেজাৰ এনে নথিৰ প্ৰতিলিপি সহ এই তথ্য প্ৰকাশ কৰিছিল ৷ দেশৰ বন আইন উলংঘা কৰি বন আইন অনুসৰি বন ভূমিত 75 বছৰ ধৰি বসবাস কৰা লোককহে ভূমিৰ অধিকাৰ দিব লাগে যদিও শোণিতপুৰত সোনাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি 2012 চনত হাতে লিখা সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত এজেণ্টৰ দ্বাৰা লাভ কৰা আবেদনকাৰীৰ নথিৰ ভিত্তিত বন ভূমিৰ অৱন্তন দিয়াৰ ঘটনা সংঘটিত হৈছে ৷ ফলস্বৰূপে এতিয়া বন্য হাতীৰ বিচৰণ এলিফেণ্ট কৰিডৰৰ পৰা বিলুপ্ত হৈছে ৷

লগতে পঢ়ক :Tea garden workers protest : চামগুৰিৰ আমলখি চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details