তেজপুৰ,২১ ছেপ্টেম্বৰ :১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ২০২০ চনৰ ১৬ ডিচেম্বৰত ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় শিখা (Swarnim Vijay Mashaal) ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱা হৈছে । দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভ্ৰমণ কৰি এই বিজয় শিখা অৰুণাচলৰ টাৱাঙত উপস্থিত হয় । তিব্বত স্বায়ত্ত্বশাসিত অঞ্চলৰ (TAR) প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অঞ্চলসমূহ ভ্ৰমণ কৰি ভাৰত-চীন সীমান্তৰ টাৱাঙৰ বুমলাত উপস্থিত হয় বিজয় শিখা ।
টাৱাঙত প্ৰৱেশ কৰাৰ লগে লগে পশ্চিম অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰে পথৰ দাঁতিত থিয় হৈ এই বিজয় শিখাক আদৰণি জনায় । বিজয় শিখাক পাহাৰীয়া ভূ-খণ্ড আৰু ঠেক ৰাস্তাৰ মাজেৰে বুমলা লৈ যোৱা হয় । তাতেই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) ওচৰত প্ৰতিৰক্ষাৰ আগশাৰীৰ স্তৰত নিয়োজিত ভাৰতীয় সেনাৰ বিষয়া আৰু জোৱানসকলে ইয়াক গ্ৰহণ কৰে আৰু বীৰ শ্বহীদ যোগিন্দৰ সিঙৰ যুদ্ধ স্মাৰকত গাৰ্ড অফ অনাৰ (Guard of honour) প্ৰদান কৰা হয় ।