অসম

assam

ETV Bharat / state

পৰিবহন নিগমৰ সেই দুৰন্ত গঁড়টোৰ শ্ৰষ্টাজন - 40ৰ দশকত ৰাজপথত দৌৰা সেই দুৰন্ত গঁড়টোৰ শ্ৰষ্টাজন

তেখেত এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ,চিত্ৰ শিল্পী,অভিনেতা । ১৯২4 চনৰ 24 ডিচেম্বৰত গুৱাহাটীৰ আমবাৰীত জন্ম গ্ৰহণ কৰা এইজন দক্ষ খেলুৱৈ আছিল চৌকত আলী । অসমৰ ৰঙা বাছৰ প্রতীক চিহ্নৰ আঁৰৰ ব্যক্তিজন ৷ ১৯৪৩ চনৰ পিছৰে পৰা মহাৰানা ক্লাবৰ হৈ সুদীৰ্ঘ ২০ বছৰ ধৰি খেলিছিল অকল এয়াই নহয় ৪০ৰ দশকত মহাৰানাৰ হৈ গুৱাহাটীত হকী দলৰ কেপ্তেইনো আছিল তেওঁ । ১৯৪৮ চনত গুৱাহাটীৰে Young Unionৰ হৈ বিহাৰৰ পৰা অসম লৈ ফুটবলৰ প্ৰথম সৰ্বভাৰতীয় ট্রফী অনা দলটোৰ তেওঁ গলকীপাৰ আছিল ।ব্ৰিটিছৰ দিনত ("আসাম ট্ৰেন্সপৰ্ট "স্বাধীনতাৰ পূৰ্বৰ অসম ) পিছত অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰথম অধ্যক্ষৰ দিনত এজন খেলুৱৈ হিচাপে চৌকত আলিয়ে চাকৰিত যোগদান কৰিছিল আৰু ১৯৭১ চনত নিজৰ চিত্ৰ শিল্পীৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷এজন প্ৰখ্যাত চিকাৰী হিচাপেও এওঁ তেজপুৰত জনপ্ৰিয় ৷ বাম পৰ্বতীয়াত এটা নৰক খাদক ঢেকীয়াপতীয়া বাঘে জনাসাধাৰণক অতিষ্ঠ কৰাৰ সময়ত তেওঁ তেজপুৰত কৰ্মৰত আৰু ৰাইজৰ আহ্বানত এটা গুলীতে বধ কৰি ৰাইজক শান্তিৰ পৰিৱেশ আনি দিছিল তেওঁ ।

পৰিবহন নিগমৰ সেই দুৰন্ত গঁড়টোৰ শ্ৰষ্টাজন
পৰিবহন নিগমৰ সেই দুৰন্ত গঁড়টোৰ শ্ৰষ্টাজন

By

Published : Feb 29, 2020, 9:45 PM IST

Updated : Feb 29, 2020, 9:59 PM IST

তেজপুৰ,২৪ ফেব্ৰুৱাৰী:তাহানিৰ কথাবোৰে আপোনাকো হয়তো আমনি কৰে ৷ গাঁৱে চহৰে আজিৰ পৰা চাৰি দশক আগতে পুৱা গধুলি যোৱা ৰঙা ৰঙৰ দীঘল বাছ কেইখন দেখিলেই সকলোৱে চিনি পায় আসাম ট্ৰেন্সপৰ্টৰ বাছ বুলি ৷ কাৰণ সেইসময়ত অসমৰ পৰিবহন ব্যৱস্থা ইমান সূচল নাছিল ৷ ৰঙা ৰঙৰ বাছত গাত এটা দুৰন্ত গতিৰ গঁড়ৰ প্ৰতীক চিহ্ন লৈ অবিৰাম গতিত যাত্ৰা কৰা আসাম ট্ৰেন্সপৰ্টৰ বাছ সমূহ ক্ৰমান্বয়ে নাইকিয়া হৈ গ'ল যদিও তাৰ ঠাই ল'লে আধুনিক বাছসমূহে ৷ ASTCৰ বাছমানেই গঁড়ৰ প্ৰতীক থকা বাছখন ৷

বৰ্তমানৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহ

সময়ৰ পৰিৱৰ্তনৰ লগে লগে সকলো সলনি হৈছে ৷ সলনি মানুহৰ মন,পৰিৱেশ,পৰিস্থিতি ৷ কিন্তু কিছুমান ঘটনাই সময়ক কোবাই গৈছে ৷ 1971 চন, সেই সময়ৰ আসাম ট্ৰেন্সপৰ্ট, বৰ্তমানৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সমূহত নতুনকৈ সংযোজন হোৱা অসম গৌৰৱ এশিঙীয়া গঁড়ৰ চিত্ৰ অংকণ কৰিছিল তেতিয়াৰ আসাম ট্ৰেন্সপৰ্টৰ এগৰাকী কৰ্মচাৰী চৌকত আলীয়ে ৷ বহুতেই হয়তো নাজানে পৰিবহন নিগমক প্ৰাণৱন্ত কৰি তোলা প্ৰতীকটোৰ আঁৰৰ ব্যক্তিজনৰ কথা ৷ আমি কথা পাতিছিলো চৌকত আলীৰ সৈতে ৷ অনৰ্গলভাৱে থুকাথুকি মাতেৰে কৈ গৈছিল ইতিহাস যেন লগা কথাবোৰ....

40ৰ দশকৰ এক সুদীৰ্ঘ পৰিক্ৰমা

সেই সময়ত আসাম ট্ৰেন্সপৰ্টৰ সঞ্চালক ভবেন হাজৰিকাই ১০২ টকাৰ পুৰস্কাৰ দিছিল চৌকত আলীক ৷ বিনা পাৰিশ্ৰমিকত অংকণ কৰি দিয়া পৰিবহন নিগমৰ সেই প্ৰতীকটো অথবা ক'লা ধোৱা উৰুৱাই পাৰ হৈ যোৱা পুৰণি বাছসমূহ ক্ৰমান্বয়ে নাইকিয়া হৈ গ'ল ৷ এটা যুগৰ সমাপ্তি হ'ল,কিন্তু ৰৈ গ'ল কিছু সোণালী স্মৃতি ৷ সময়ৰ সোঁতত চৌকত আলীৰ দুৰন্ত গঁড়টোৱে মানুহৰ মনত যি সাঁচ বহুৱাই গ'ল সেয়া আজিও সজীৱ হৈ আছে প্ৰতিজন লোকৰ মনত,পৰিবহন নিগমৰ বাছ মানেই এশিঙীয়া গঁড়ৰ প্ৰতীক ৷ কিন্তু বহুতেই হয়তে আজিও নাজানিলে চৌকত আলীক ৷ এসময়ৰ সুদক্ষ খেলুৱৈ,বহুমুখী প্ৰতিভাৰে সজ্জ্বল চৌকত আলীৰ বয়স এতিয়া 95 বছৰ ৷ ৰাজ্যৰ পৰিবহন নিগমক সজীৱ কৰি তোলা চৌকত আলীয়ে আগবঢ়োৱা অৱদানৰ কথা কিন্তু আজি সকলোৱে পাহৰিলে ৷ কিন্তু তথাপিও কোনো আক্ষেপ নাই এইগৰাকী নীৰৱ নায়কৰ ৷

পৰিবহন নিগমৰ প্ৰতীক এশিঙীয়া গঁড়ৰ আঁৰৰ কাহিনী

পৰিবহন নিগমলৈ অনবৈদ্য বৰঙণি আগবঢ়োৱা চৌকত আলী যথেষ্ট সুখী তেওঁ অংকণ কৰা প্ৰতীকক লৈ ৷ ৰাজপথত যেতিয়া তেওঁ অঁকা দুৰন্ত গতিৰ গঁড়টো প্ৰতিখন বাছত গাঁৱে ভূঞে ভ্ৰমি ফুৰে তেতিয়া তেওঁৰ বুকুখন গৰ্বত উথলি উঠে ৷ ইটিভি ভাৰতৰ তৰফৰ পৰা এইগৰাকী শ্ৰষ্টাৰ দীৰ্ঘায়ু কামনা কৰিলো ৷

লগতে চাওকঃ

শীৰ্ষ দহ সংবাদ মাত্ৰ এক মিনিটত

Last Updated : Feb 29, 2020, 9:59 PM IST

ABOUT THE AUTHOR

...view details