অসম

assam

By

Published : Jun 23, 2023, 5:01 PM IST

Updated : Jun 23, 2023, 5:17 PM IST

ETV Bharat / state

Tezpur University Vice-chancellor:সমাৱৰ্তন অনুষ্ঠানলৈ দেশৰ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে সাক্ষাৎ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক ৷ বিশ্ববিদ্যালয়খনৰ আগন্তুক সমাৱৰ্তন অনুষ্ঠানলৈ দেশৰ ৰাষ্ট্ৰপতিগৰাকীক আমন্ত্ৰণ ৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানলৈ দেশৰ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ
তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানলৈ দেশৰ ৰাষ্ট্ৰপতিক আমন্ত্ৰণ

তেজপুৰ, ২৩ জুন : পুনৰ উষা নগৰী তেজপুৰলৈ অহাৰ সম্ভাৱনা আছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে শেহতীয়াকৈ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে ।

সাক্ষাৎকালত অনুষ্ঠিত বৈঠকত অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন কাৰ্যকলাপৰ লগতে ছাত্ৰ, গৱেষক আৰু শিক্ষাবিদসকলৰ বাবে এক সজীৱ পৰিৱেশতন্ত্ৰ সৃষ্টিৰ ক্ষেত্ৰত অব্যাহত ৰখা প্ৰচেষ্টাৰ সন্দৰ্ভত এক আভাস দাঙি ধৰে ।

সাক্ষাৎকালত অধ্যাপক সিঙে ৰাষ্ট্ৰপতি মুৰ্মুক বিশ্ববিদ্যালয়খনে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত লাভ কৰা সফলতা সমূহ অৱগত কৰাৰ লগতে ২০১৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ে দৰ্শনাৰ্থী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ তিনিগৰাকী অধ্যাপকে তেওঁলোকৰ অসাধাৰণতাৰ বাবে গৱেষণা শাখাত দৰ্শনাৰ্থী বঁটা লাভ কৰাৰ কথা দাঙি দৰে বুলি প্ৰকাশ কৰে উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে ।

ইয়াৰ লগতে উপাচাৰ্যগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়খনৰ আগন্তুক সমাৱৰ্তন অনুষ্ঠানলৈ দেশৰ ৰাষ্ট্ৰপতিগৰাকীক আমন্ত্ৰণ জনায় । ৰাষ্ট্ৰপতিগৰাকীয়ে উক্ত আমন্ত্ৰণ ৰক্ষা কৰি বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা বুলি জানিবপৰা গৈছে । উল্লেখ্য যে, ৰাষ্ট্ৰপতি মুৰ্মুৱে সামগ্ৰিক শিক্ষাৰ বাবে অনুকূল পৰিৱেশ প্ৰদানৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰচেষ্টাক শলাগ লয় ৷

ইয়াৰ পূৰ্বে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে বায়ু সেনাৰ বিশেষ কাৰ্যসূচীৰ বাবে তেজপুৰস্থিত বায়ুসেনেৰ সামৰি ঘাটিলৈ আহিছিল ৷ তিনিদিনীয়া কাৰ্যসূচী লৈ অসমলৈ অহা ৰাষ্ট্ৰপতি গৰাকীয়ে তেতিয়া ছুখয় 30 MKI যুদ্ধ বিমানৰ পাইলটৰ ৰূপত দেখা গৈছিল ৷ ইয়াৰ লগে লগে যুদ্ধবিমান উৰা দেশৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগনিত হয় ৷

লগতে পঢ়ক:Drugs Seized at Manikpur : মাণিকপুৰত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী

Last Updated : Jun 23, 2023, 5:17 PM IST

ABOUT THE AUTHOR

...view details