অসম

assam

By

Published : Sep 15, 2020, 12:57 PM IST

ETV Bharat / state

গড়কাপ্তানী পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰঙাপৰাবাসীক

গৰাখহনীয়াৰ কবলত পৰি সমষ্টিটোৰ আমনি চেন্টাৰ-বইঠাভঙা সংযোগী অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথচোৱাৰ আধা অংশ উটুৱাই নিলে মানশিৰি নদীৰ বাঢ়নি পানীয়ে ৷ কিন্তু ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পিছতো পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে সংশ্লিষ্ট বিভাগে ৷

The people of Rangapara are suffering due to the bad condition of PWD road
গড়কাপ্তানী পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰঙাপৰাবাসীক

ৰঙাপৰা,15ছেপ্তেম্বৰঃ কেৱল মাত্ৰ উন্নয়নৰ ঢাক-ঢোল বজোৱাতহে ব্যস্ত ৰাজ্য চৰকাৰ ৷ কাৰণ ইখনৰ পিছত আনখন উন্নয়নৰ ফোঁপোলা স্বৰূপৰ ছবি আহিছে এতিয়া পোহৰলৈ ৷ ৰাইজৰ সমস্যা সমাধানৰ বাবে যেন তিলমোনো গুৰুত্ব নাই চৰকাৰৰ ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল ৰঙাপৰা বিধানসভা সমষ্টিত ৷ গৰাখহনীয়াৰ কবলত পৰি সমষ্টিটোৰআমনি চেন্টাৰ-বইঠাভঙা সংযোগী অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথচোৱাৰ আধা অংশ উটুৱাই নিলে মানশিৰি নদীৰ বাঢ়নি পানীয়ে ৷ কিন্তু ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পিছতো পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত বৰ্তমান পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে সংশ্লিষ্ট বিভাগে ৷

গড়কাপ্তানী পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰঙাপৰাবাসীক

যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত ৰাইজে নদীখনৰ খহনীয়াৰ কালৰূপ প্ৰত্যক্ষ কৰি নিজাববীয়াকৈ বাঁহ পুতি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিও সেয়া পৰ্যাপ্ত হোৱা নাই ৷ যিকোনো সময়ত নদীখনৰ বাঢ়নি পানীয়ে পথচোৱা সম্পূৰ্ণ ভাৱে উটুৱাই লৈ যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ ইফালে পথচোৱা নৈখনৰ বুকুত জাহ গলে বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়তৰ নামত চৰম দুৰ্ভোগ যে ভূগিব সেয়া নিশ্চিত ৷ তদুপৰি ৰাইজৰ অভিযোগ, ৰঙাপৰা বিধানসভা সমষ্টিত মানশিৰি আৰু জৰাসৰ নদীয়ে বান আৰু গৰাখহনীয়াত তীব্ৰ ৰূপ ধাৰণ কৰি অহাৰ পাছতো জলসম্পদ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷

উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত ৩.৫ কিলোমিটাৰ পথচোৱা চি চি ব্লকৰে নিৰ্মাণ কৰিছিল ৷ ১৮ মাইলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ থকা পথচোৱা গুদামঘাট মিৰি গাঁৱৰ সমীপত আধা অংশ নৈখনৰ বাঢ়নি পানীয়ে খহাই লৈ যায় ৷ উক্ত পথচোৱাৰে ভাৰতীয় সেনাৰ গাড়ীকে ধৰিগুদামঘাট মিৰি, পাঁচ মাইল, গুদামঘাট কছাৰী, বইঠাভঙা, সোনাবিল চাহ বাগিচা, মিট চাপ্লাই আদি অঞ্চলৰ ৰাইজে বিপদ সংকূলভাৱে যাতায়ত কৰি আহিছে ৷

আনহাতে,২০২১ চনত অনুষ্ঠিত হবলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পথচোৱা নিৰ্মাণ কৰি নিদিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ গুদামঘাটবাসী ৰাইজ সাজু বুলিও সংবাদ মাধ্যমৰ জৰিয়তে হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃচলিত বছৰত LoC ত পাকিস্তানৰ 3186 যুদ্ধবিৰতি উলংঘা

ABOUT THE AUTHOR

...view details