অসম

assam

ETV Bharat / state

চীনা আগ্ৰাসনৰ সাক্ষ্য বহনকাৰী তেজপুৰৰ পদুম পুখুৰী আৰু বৰ্তমানৰ SBI - তেজপুৰ

চীনা সৈন্যৰ জয়গান গায় তেজপুৰৰ বাটে পথে ঘূৰি ফুৰিছিল মানসিক ৰোগীবোৰ ৷ সেই সময়ছোৱাত Youth Emergency Organisation য়ে অৰ্থাৎ তেজপুৰৰ কেইজনমান যুৱকৰ এটা সংগঠনে পাৰ্যমানে ৰাইজক সহায় কৰি গৈছিল ৷

The Padum Pukhuri and SBI in Tezpur, which bears witness to the Chinese aggression
চীনা আগ্ৰাসনৰ সাক্ষ্য বহনকাৰী তেজপুৰৰ পদুম পুখুৰী আৰু বৰ্তমানৰ SBI

By

Published : Jul 3, 2020, 9:00 PM IST

তেজপুৰ, 3 জুলাইঃ1962 চনৰ সেই দিনবোৰত অসমত বিৰাজ কৰিছিল এক আতংকময় পৰিৱেশে ৷ চীনা সৈন্যই "বোমডিলা" অধিকাৰ কৰি আহি তেজপুৰ চহৰৰ একেবাৰে দুৱাৰডলিত উপনীত হৈছিল ৷ ইতিমধ্যে তেজপুৰ চহৰ এৰি পলায়ন কৰিছিল প্ৰশাসনিক বিষয়াৰ পৰা আৰম্ভ কৰি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীও ৷ মুকলি কৰি দিয়া হৈছিল কাৰাবন্দীৰ লগতে মানসিক চিকিৎসালয়খনৰ ৰোগীক ৷ তেজপুৰ জাহাজ ঘাটত দৈনিক ফেৰীৰে হাজাৰ হাজাৰ লোক তেজপুৰ এৰি পলায়ন কৰিছিল ৷ চীনা সৈন্যৰ জয়গান গাই তেজপুৰৰ বাটে পথে ঘূৰি ফুৰিছিল মানসিক ৰোগীবোৰ ৷ সেই সময়ছোৱাত Youth Emergency Organisation য়ে অৰ্থাৎ তেজপুৰৰ কেইজনমান যুৱকৰ এটা সংগঠনে পাৰ্যমানে ৰাইজক সহায় কৰি গৈছিল ৷

চীনা আগ্ৰাসনৰ সাক্ষ্য বহনকাৰী তেজপুৰৰ পদুম পুখুৰী আৰু বৰ্তমানৰ SBI

লগতে পঢ়কঃ শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল

কিন্তু সেইসময়ছোৱাত তেজপুৰত এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছিল ৷ সমগ্ৰ জিলাখনত আঙুলিমূৰত গণিব পৰাকৈ মানুহ আছিল ৷ তেতিয়ালৈ এই কথা পৰিষ্কাৰ হৈ গৈছিল যে বিজয়ী চীনা সৈন্যৰ গতিক অসমৰ সীমান্তত ৰুদ্ধ কৰিব পৰা সক্ষমতা ভাৰতীয় সৈন্যৰ নাই ৷ সেয়ে তেজপুৰবাসীৰ দায়িত্ব এৰি ইতিমধ্যে পলায়ন কৰিছিল প্ৰশাসন ৷ আনহাতে নিজেও নাপালে আনকো নিদিও মানসিকতাৰে ৰাইজে তেজপুৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা মাত্ৰ কিছু আঁতৰত থকা তেতিয়াৰ ইমপেৰিয়েল বেংক আৰু বৰ্তমানৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা টকা উলিয়াই জ্বলাই দিছিল ৷ ইয়াৰোপৰি মুদ্ৰাসমূহ পদুম পুখুৰীলৈ দলিয়াই পেলোৱা হৈছিল ৷ এই সকলো দৃশ্য নিজ চক্ষুৰে প্ৰত্যক্ষ কৰিছিল Youth Emergency Organisation ৰ অন্যতম সদস্য তথা তেজপুৰৰ সুযোগ্য সন্তান ঐশ্বৰ্য কাকতিয়ে ৷

আজি পুনৰ সংকটৰ আৱৰ্তত ভাৰত-চীনৰ সম্পৰ্ক ৷ শংকিত দেশবাসী কাৰণ 1962 চনৰ সেই দিন ওভতাই নিবিচাৰে ভাৰতীয়ই ৷ আজিও ইমপেৰিয়েল বেংক আৰু পদুম পুখুৰীয়ে সোঁৱৰাই তাহানিৰ অৰাজকতা ৷

লগতে পঢ়ক :শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰ্ব ভাৰতীয় শ্ৰম সংস্থা সমন্বয় সমিতিৰ প্ৰতিবাদী সমদল

ABOUT THE AUTHOR

...view details