ৰঙাপৰা, 28 এপ্ৰিল : বুধবাৰে পুৱা 7 বাজি 52 মিনিটত বৃহৎ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য । 6.4 প্ৰাবল্যৰ প্ৰৱল জোকাৰণিৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে অভিকেন্দ্ৰৰ ওচৰতে থকা শোণিতপুৰ জিলাৰ ঐতিহাসিক হলেশ্বৰ দেৱালয়ৰ মূল তোৰণখনতো ফাঁট মেলে। ভূমিকম্পৰ ফলত দেৱালখনৰ বিশেষ ভাৱে ক্ষয় ক্ষতি নহ'লেও মূল মন্দিৰৰ ঠায়ে ঠায়ে ফাঁট মেলিছে ৷
ঐতিহাসিক হলেশ্বৰ দেৱালয়ৰ মূল তোৰণত ফাঁট - Earthquake in Assam
6.4 প্ৰাৱল্যৰ প্ৰৱল ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য ৷ বুধবাৰে পুৱা 7 বাজি 52 মিনিটত অহা ভূমিকম্পৰ ফলত শোণিতপুৰ জিলাৰ ঐতিহাসিক হলেশ্বৰ দেৱালয়ৰ মূল তোৰণখনতো ফাঁট মেলে ৷
![ঐতিহাসিক হলেশ্বৰ দেৱালয়ৰ মূল তোৰণত ফাঁট ঐতিহাসিক হলেশ্বৰ দেৱালয়ৰ মূল তোৰণ মেলিলে ফাট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11566451-thumbnail-3x2-bngfn.jpg)
ঐতিহাসিক হলেশ্বৰ দেৱালয়ৰ মূল তোৰণ মেলিলে ফাট
ঐতিহাসিক হলেশ্বৰ দেৱালয়ৰ মূল তোৰণত ফাঁট
উল্লেখ্য যে, বৰ্তমানেও ৰাজ্যখনত সৰু-বৰ বহু ভূমিকম্প অনুভূত হৈ আছে ৷ এই ভূমিকম্পত অভিকেন্দ্ৰৰ কাষৰীয়া অঞ্চলসমূহৰ লগতে গুৱাহাটী মহানগৰীতো যথেষ্ট ক্ষতিসাধন হয় ৷
লগতে পঢ়ক: উলুবাৰীৰ ছিগনেচাৰ এপাৰ্টমেণ্টৰ ভূমিকম্পৰ পাচৰ দৃশ্য