তেজপুৰ, 3 অক্টোবৰ : তেজপুৰৰ বামুনি পাহাৰ অঞ্চলত দেখা গৈছে চৰকাৰী বিভাগৰ দায়িত্বজ্ঞান হীনতাৰ চূড়ান্ত নমুনা ৷ ক’ভিড প্ৰতিৰোধী টিকাকৰণৰ নামত স্বচ্ছতাক ধোঁৱাচাঙত তুলিলে স্বাস্থ্য বিভাগৰ একাংশ কৰ্মীয়ে ৷ এই ঘটনাই চকু কপালত তুলিছে স্থানীয় সচেতন ৰাইজৰ ৷ লগতে স্বাস্থ্য বিভাগৰ এনে দায়িত্ব জ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, শনিবাৰে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি বামুনি পাহাৰৰ লুথেৰাণ উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য বিভাগে আয়োজন কৰিছিল ক'ভিড পৰীক্ষা আৰু টিকাকৰণ শিবিৰ ৷ যথেষ্ট সংখ্যক লোকে ক'ভিডৰ পৰীক্ষা কৰাৰ লগতে প্ৰতিষেধক লোৱা এই শিবিৰ অনুষ্ঠিত হোৱা বিদ্যালয়খনৰ চৌহদত এতিয়া ব্যৱহৃত চিৰিঞ্জ আৰু ক'ভিড পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ দ'ম ৷