শোণিতপুৰ, 15 অক্টোবৰঃ আগন্তক অক্টোবৰ মাহৰ ২১ ৰ পৰা ২৩ তাৰিখলৈকে হ'ব লগীয়া দ্য আসাম ভেলী স্কুলৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতিৰ প্ৰাক মুহূৰ্ত সাংবাদিকৰ লগত হোৱা এক আলোচনাত দেশৰ অন্যতম শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান আহৰণ কৰা আবাসিক বিদ্যালয় দ্য আসাম ভেলী স্কুলৰ বৰ্ষজোৰা কাৰ্যসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে ৷ সংবাদ মাধ্যমক সম্বোধন কৰি বিদ্যালয়খনৰ পঞ্চম নৱনিযুক্ত প্ৰধান শিক্ষক ডঃ ভিধুকেশ বিমল আগন্তটোক বৰ্ষত হ'বলগীয়া ৰূপালী জয়ন্তী পালন কৰিবলৈ স্থিৰ কৰা বিদ্যালয়খনে ২৫ টা ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু দেশৰ বিভিন্ন স্থানত শৈক্ষিক, সাংস্কৃতিক ,ক্ৰীড়া আৰু সামাজিক ক্ষেত্ৰত বিদ্যালয়খনে অৰ্জন কৰা সফলতা প্ৰচাৰ কৰিব বুলি সদৰী কৰে । তেওঁ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত দেশৰ সাংবিধানিক সৰ্বোচ্চ পদত অধিষ্ঠিত এগৰাকী সন্মানীয় ব্যক্তিক মুখ্য অতিথিৰূপে আমন্ত্ৰণ কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰ । আনহাতে দেশৰ ভিতৰতে সৰ্বাধিক ভূমিৰ চৌহদ আৰু দেশৰ আবাসিক বিদ্যালয় সমূহৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ আন্তঃ গাথঁনিৰে সমৃদ্ধ দি আসাম ভেলী স্কুলৰ চৌহদত জৈৱিক ফার্মিঙৰ পৰিকল্পনাৰ কথা সদৰী কৰি তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশতো অতি প্ৰয়োজনীয় । তদুপৰি ছাত্ৰ ছাত্ৰীৰ মাজত ব্যৱহৃত অত্যাধিক এনৰয়ড মোবাইলৰ বাবে অধ্যয়নত বাধাৰ সৃষ্টি কৰাই নহয় শৈক্ষিক মানসিকতা আৰু খেল-ধেমালিৰ মাজতো অন্তৰায়ৰ সৃষ্টি কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই গৱেষক প্ৰধান শিক্ষকগৰাকীয়ে ৷
দ্য আসাম ভেলী স্কুলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ঘোষণা - প্ৰতিষ্ঠা দিৱস
আগন্তক অক্টোবৰ মাহত দি আচাম ভেলী স্কুলৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমূহুৰ্তত সংবাদ মাধ্যমৰ সৈতে হোৱা এক আলোচনাত বিদ্যালয়খনৰ বৰ্ষজোৰা কাৰ্যসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে ৷

দি আসাম ভেলী স্কুলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ঘোষণা