অসম

assam

ETV Bharat / state

ৰঙাপৰাত বনৰীয়া হাতীৰ আতংকঃব্যৰ্থ বন বিভাগ - তাৰাজুলি চাহ বাগিচা

ৰঙাপৰা তাৰাজুলি চাহ বাগিচাত প্ৰায় ৩০ টাৰো অধিক বনৰীয়া হাতীয়ে অৱস্থান কৰি আছে ৷ তদুপৰি প্ৰাপ্ত খবৰ অনুসৰি, বনৰীয়া হাতীৰ জাকটোৰ পৰা বিচ্ছিন্ন হৈছে এটা বনৰীয়া হাতীৰ পোৱালি ৷ ইতিমধ্যে ধোলকোৱা চাহ বাগিছাত বিচ্ছিন্ন বনৰীয়া হাতীৰ পোৱালীটোৱে অকলশৰীয়াকৈ বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে ৷

The fear of wild elephants in Rangapara
ৰঙাপৰাত বনৰীয়া হাতীৰ আতংকঃব্যৰ্থ বন বিভাগ

By

Published : Sep 27, 2020, 11:39 AM IST

ৰঙাপৰা,27ছেপ্তেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীক লৈ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে ৷ জানিব পৰা মতে, খাদ্যৰ সন্ধানত জিলাখনৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পৰা জাকে জাকে ওলাই অহা বন্যহস্তীয়ে গাভৰু নৈ অতিক্ৰম কৰি ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰে । ইপিনে মিছামাৰী গাভৰু খণ্ড বন কাৰ্যালয়ে স্থাপন কৰা সৌৰশক্তি তাঁৰ থকাৰ পিছতো অভয়াৰণ্যখনৰ পৰা বনৰীয়া হাতী ওলাই আহিবলৈ সক্ষম হয় ৷

ৰঙাপৰাত বনৰীয়া হাতীৰ আতংকঃব্যৰ্থ বন বিভাগ

বৰ্তমান ৰঙাপৰা তাৰাজুলি চাহ বাগিচাত প্ৰায় ৩০ টাৰো অধিক বনৰীয়া হাতীয়ে অৱস্থান কৰি আছে ৷ তদুপৰি প্ৰাপ্ত খবৰ অনুসৰি, বনৰীয়া হাতীৰ জাকটোৰ পৰা এটা বনৰীয়া হাতীৰ পোৱালি বিচ্ছিন্ন হৈ পৰিছে ৷ ধোলকোৱা চাহ বাগিছাত বিচ্ছিন্ন বনৰীয়া হাতীৰ পোৱালীটোৱে অকলশৰীয়াকৈ বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে অকলশৰীয়া বনৰীয়া হাতীৰ পোৱালিটোৱে জাকটোক বিচাৰি নাপায় চাহ বাগিছাখনত সন্ত্ৰাসৰ সৃষ্টি কৰিব বুলি স্থানীয় ৰাইজে শংকিত হৈ পৰিছে ৷

আনহাতে ৰাইজৰ অভিযোগ, বনৰীয়া হাতীক নিয়ন্ত্ৰণত ৰাখিব পৰা অতি পাৰ্গত গোপাল ডেকাক গাভৰু খণ্ড বন কাৰ্যালয়ৰ পৰা অন্য ঠাইলৈ বদলিকৰণ কৰাৰ পাছৰে পৰা ৰঙাপৰা-মিছামাৰী অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাই আহিছে ৷ ইফালে আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকলে বন্যহস্তীৰ জাকটোক আতচবাজী আৰু শূণ্যলৈ গুলি ফুটাই পুনৰ অভয়াৰণ্যখনলৈ খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও হ'ব পৰা নাই সফল ৷ উল্লেখযোগ্য যে, বিগত কেইবা মাহ ধৰি তাৰাজুলি চাহ বাগিছাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বাগিছাখনৰ বিস্তৰ ক্ষতি সাধন কৰি অহাৰ লগতে ৰঙাপৰাত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই আহিছে ৷

লগতে পঢ়কঃদেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান

ABOUT THE AUTHOR

...view details