ৰঙাপৰা,4 এপ্ৰিল: ৰঙাপৰাৰ বালিপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাজগড়ত অব্যাহত আছে জীয়া ভৰলী নৈৰ বিধ্বংসী খহনীয়া ৷ খৰস্ৰোতা নৈ খনৰ খহনীয়াই ক্ৰমাৎ কালৰূপ ধাৰণ কৰিছে ৰাজগড়ত ৷ গাঁৱখনৰ পৰা প্ৰায় 5-6 কিল’মিটাৰ আঁতৰেৰে বৈ যোৱা নৈ খনৰ খহনীয়াৰ ফলতেই বেৰাজান-ৰাজগড়-শিঙিতলী সংযোগী পথচোৱাৰ নিচেই কাষ চাপি আহিছে নৈখন ৷ যোৱা বাৰিষাৰ পাচৰে পৰা জীয়া ভৰলীৰ কালৰূপত গৃহহীন হৈ পৰিছে শ শ পৰিয়াল ৷ নৈখনৰ বুকুত জাহ গৈছে 1944 চনত স্থাপিত 30 নং ভৰলী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ভূমি তথা শ্ৰেণীকোঠা ৷ সঘনাই ঠাই সলনি কৰি থকা গাঁৱবাসীয়ে ক'লৈ যাব, কি খাব, ক'ত থাকিব তাৰ যেন একো উৱাদিহে পোৱা নাই ৷ চৰকাৰে বান-খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই অৱস্থাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷
নৈৰ বুকুত সৰ্বত্ৰ হেৰুৱাই মুকলি আকাশৰ তলত নৈশ যাপন কৰা গঞাৰ অভিযোগ, খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ অধিকাংশই ৰূপায়ণ কৰা হয় একাংশ ঠিকাদাৰৰ স্বাৰ্থত ৷ বিগত বছৰত জলসম্পদ বিভাগে 3 কোটি 38 হাজাৰ টকা ব্যয় সাপেক্ষে 200 মিটাৰ দৈৰ্ঘৰ গাইড বান্ধ নিৰ্মাণ কৰিছে, যদিও সমগ্ৰ অঞ্চলটোৰ বাবে সেয়া যথেষ্ট নহয় ৷ 40-45 বছৰে খহনীয়াই কালৰূপ ধাৰণ কৰি অহা নৈ খনৰ বুকুত বৰ্তমানলৈ 25 খনৰো অধিক গাঁও বিলীন হ'ল ৷