ৰঙাপৰা,13 আগষ্ট:শোণিতপুৰৰ ৰঙাপৰাতচুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা নামি অহা গাভৰু নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা খহনীয়া আজিকোপতি অব্যাহত আছে ৷ শেহতীয়াভাৱে খহনীয়াৰ কবলত পৰিছে অঞ্চলটোত ৰাইজৰ শ্ৰমেৰে নিৰ্মিত নদীখনৰ বান্ধটো ৷ গাভৰুৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ বিস্তৰ কৃষি ভূমি প্লাৱিত কৰে ৷ ইফালে যিকোনো মুহুৰ্ততে নদীখনৰ বাঢ়নী পানীয়ে ভেলুৱাটাৰ গাঁওখন বুৰাই পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অঞ্চলটোৰ খহনীয়াৰ দৃশ্য প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।
গাভৰু নদীৰ বাঢ়নী পানীয়ে ভাঙিলে বান্ধ
খহনীয়াৰ কবলত পৰিছে শোণিতপুৰৰ ৰঙাপৰা অঞ্চল ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা নামি অহা গাভৰু নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা খহনীয়া আজিকোপতি অব্যাহত আছে অঞ্চলটোত ৷
গাভৰু নদীৰ বাঢ়নী পানীয়ে ভাঙিলে বান্ধ