তেজপুৰ, ১৫ ডিচেম্বৰ: অৰুণাচলৰ পশ্চিম কামেং জিলাত নিৰ্মাণ কাৰ্য চলি থকা নেচিফু সুৰংগৰ কাম ২০২২ ৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে (Nechiphu tunnel expected to be completed by 2022) । ১৩,৭০০ ফুট উচ্চতাত নিৰ্মাণ কৰি থকা সুৰংগটো ৫০০ মিটাৰ দৈৰ্ঘৰ । সুৰংগটোৰ কাম সম্পূৰ্ণ হ'লে ৭ কিল’মিটাৰ দৈর্ঘৰ পথ চমু হৈ পৰিব যাত্ৰীৰ বাবে । ডাঠ কুঁৱলীৰ মাজেৰে কৰিবলগীয়া হোৱা কষ্টদায়ক যাত্ৰাৰ পৰাও যাত্ৰীয়ে সকাহ পাব ।
জি আৰ ই এফৰ দ্বাৰা নিৰ্মাণ কৰা সুৰংগটো বিচিটি ঘাইপথ প্ৰকল্পৰ এক অংশ । নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য ২০২০ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হৈছিল । এতিয়ালৈকে সুৰংগটোৰ ৪০০ মিটাৰ দৈৰ্ঘৰ কাম সম্পূৰ্ণ হৈছে আৰু অৱশিষ্ট অংশৰ নিৰ্মাণকাৰ্য এতিয়াও চলি আছে (Construction work of Nechiphu tunnel underway) । সুৰংগটোৰ প্ৰস্থ ১২ মিটাৰ আৰু উচ্চতা ১০ মিটাৰ ।