অসম

assam

By

Published : Apr 6, 2021, 1:17 PM IST

ETV Bharat / state

কৰ্মী আৰু সহায়িকাৰ মইমতালিৰে পৰিচালনা হৈছে ৰঙাপৰাৰ অংগনবাদী কেন্দ্ৰ

ৰঙাপৰাৰ এটি অংগনবাদী কেন্দ্ৰ প্ৰায়েই বন্ধ হৈ থকাৰ ক্ষোভত প্ৰতিবাদ ৰাইজৰ ৷ ঢোলকোৱা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়খনৰ গাতে লাগি থকা অংগনবাদী কেন্দ্ৰটো কৰ্মী আৰু সহায়িকা দুগৰাকীয়ে নিজৰ মইমতালিৰে পৰিচালনা কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ যাৰ ফলত অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাথমিক জ্ঞান আহৰণৰ পৰা বঞ্চিত হৈ আহিছে ৷

কৰ্মী আৰু সহায়িকাৰ মইমতালিৰে পৰিচালনা হৈছে ৰঙাপৰাৰ অংগনবাদী কেন্দ্ৰ
কৰ্মী আৰু সহায়িকাৰ মইমতালিৰে পৰিচালনা হৈছে ৰঙাপৰাৰ অংগনবাদী কেন্দ্ৰ

ৰঙাপৰা,6 এপ্ৰিল: শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এটি অংগনবাদী কেন্দ্ৰ প্ৰায়েই বন্ধ হৈ থকাৰ ক্ষোভত প্ৰতিবাদ ৰাইজৰ ৷ ঢোলকোৱা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়খনৰ গাতে লাগি থকা অংগনবাদী কেন্দ্ৰটো কৰ্মী আৰু সহায়িকা দুগৰাকীয়ে নিজৰ মইমতালিৰে পৰিচালনা কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ যাৰ ফলত অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাথমিক জ্ঞান আহৰণৰ পৰা বঞ্চিত হৈ আহিছে ৷

কৰ্মী আৰু সহায়িকাৰ মইমতালিৰে পৰিচালনা হৈছে ৰঙাপৰাৰ অংগনবাদী কেন্দ্ৰ

উল্লেখ্য যে, অংগনবাদী কেন্দ্ৰটি অনিয়মীয়াভাৱে চলি থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে দুবাৰকৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰি ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছিল যদিও কৰ্মী-সহায়িকা গৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰি নিয়মীয়াকৈ অংগনবাদী কেন্দ্ৰটি পৰিচালনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু পৰৱৰ্তীকালত সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল।

ইফালে, সংবাদ সংগ্ৰহ কৰাৰ সময়ত ঢোলকোৱা চাহ বাগিচাৰ 12 নং শ্ৰমিক লাইনত থকা অংগনবাদী কেন্দ্ৰটিত এটা প্ৰকাণ্ড তলা ওলমি আছিল। এই ক্ষেত্ৰত স্থানীয় ৰাইজে অংগনবাদী কেন্দ্ৰটিৰ কৰ্মী-সহায়িকা গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ৷

লগতে পঢ়ক: জুৰীয়াত আটক ভুৱা বেংক প্ৰৱন্ধক

ABOUT THE AUTHOR

...view details