তেজপুৰ, ৬ জুন: অসমৰ এখন মহাবিদ্যালয় শৈক্ষিক দিশতে নহয় কাৰিকৰী আৰু কৰ্মদক্ষতাৰ দিশতো আগবঢ়া । শুনিলে আপুনি আচৰিত হব কাৰণ সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কৰ্মদক্ষতাৰ ফলত বিদ্যা আহৰণৰ লগতে নিজৰ উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে । শিক্ষাদানৰ লগতে চাহ খেতিও আৰম্ভ কৰা অসমৰ একমাত্ৰ মহাবিদ্যালয় এইখন ।
শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ কৰ্চনতলাৰ ত্যাগবীৰ হেম বৰুৱা (THB)মহাবিদ্যালয়ত ২২ বিঘা মাটিত চাহ খেতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীকো কৰ্মদক্ষতাৰে আগবঢ়াই নিয়াৰ চেষ্টা কৰা হৈছে (Tea plantation starts at THB college)। অকল চাহ খেতিয়েই নহয়, মাৎস্য পালন, নেমু খেতি আৰু ৪৫০ জোপা বিভিন্ন প্ৰজাতিৰ কল গছৰ খেতি কৰিছে মহাবিদ্যালয়খনে ।
মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে "গ্ৰীণ টি" উৎপাদন কৰা হৈছে ৷ ইয়াৰ পূৰ্বে কেঁচা চাহপাত বিক্ৰী কৰি বছৰি ১.৮৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহাবিদ্যালয়খনে । মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ অজিত হাজৰিকাই ই টিভি ভাৰতক জনায় যে চাহ বাগিচাখন আৰম্ভ কৰা হৈছিল আত্মনিৰ্ভৰশীল ভাৰতৰ এক মূল মন্ত্ৰ লৈ যাতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে নিজ কৰ্মদক্ষতাৰ পৰিচয় দিব পাৰে ।