অসম

assam

Tezpur University VC Meet Education Minister:তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

By

Published : Jul 10, 2023, 9:45 PM IST

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙৰ ৷ দেওবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে অধ্যাপক সিঙে ৷

Tezpur University VC Meet Education Minister
তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

তেজপুৰ,10 জুলাই: দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে ৷ দেওবাৰে নিশা নতুন দিল্লীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ সাফল্যৰ ওপৰত আলোকপাত কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে ৷

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাফল্যৰ ওপৰত আলোকপাত কৰে ৷ আনহাতে উপাচাৰ্য অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ক এক বিশ্বমানৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত যাতে সহায় কৰে তাৰ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৷ ইফালে দেশৰ উন্নয়নত বিশ্ববিদ্যালয়সমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে ৷ এই প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় ‘‘শৈক্ষিক মানদণ্ড আৰু গৱেষণাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱদান প্ৰশংসনীয় ৷’’

আনহাতে বাৰ্তালাপৰ সময়ত উপাচাৰ্য অধ্যাপক সিঙক দক্ষতাৰ আধাৰত শিক্ষা প্ৰৱৰ্তন কৰি ক্ষীপ্ৰতাৰে বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষতাসম্পন্ন শিক্ষাৰ্থীসকলক অধিক প্ৰাধান্য দিবলৈ পৰামৰ্শ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । দেওবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাতৰ পাচত উপাচাৰ্য অধ্যাপক সিঙে কয়, "শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বাৰ্তালাপে আমাক আনন্দিত কৰিছে । আমি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক তেজপুৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ কৰিছো ৷ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ শীঘ্ৰেই বিশ্ববিদ্যালয় পৰিদৰ্শন কৰাৰ অশ্বাস প্ৰদান কৰিছে ।’’

দেশৰ ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী সাক্ষাৎ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে বিশ্ববিদ্যালয় খনৰ সাফল্যৰ ওপৰত আলোকপাত কৰিছে ৷ ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতিক তেজপুৰ বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ জনাইছে ৷

লগতে পঢ়ক:Tezpur University: প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

ABOUT THE AUTHOR

...view details