তেজপুৰ,২১ জানুৱাৰী : বিশ্ববিদ্যালয় হৈছে সভ্যতা বিকাশৰ এক আহিলা ৷ সমাজত সভ্যতাৰ অগ্ৰগতিৰ একমাত্ৰ মাপকাঠি বিশ্ববিদ্যালয়, এই মন্তব্য বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন বিশ্ববিদ্যালয় গ্ৰাণ্ট কমিছনৰ মূৰব্বী অধ্যাপক ভেদ প্ৰকাশৰ । মঙলবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ২৭ তম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি অধ্যাপক প্ৰকাশে কয় যে, শিক্ষাৰ অগ্ৰগতিৰ লগে লগেই বিশ্ববিদ্যালয়ৰ পৰা আহৰণ কৰা জ্ঞান তাৎপৰ্যপূৰ্ণ । ১৯৯4 চনত আজিৰ দিনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ অসমৰ তথা অসম আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আজি ২৭ টা বছৰত ভৰি দিয়ে । মাত্ৰ ৫৬ জন ছাত্ৰ ছাত্ৰীৰে আৰম্ভ হোৱা এই ইতিহাস প্ৰসিদ্ধ বিশ্ববিদ্যালয়ৰ বৰ্তমান ৪ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰায় ২ হাজাৰৰো অধিক অধ্যাপক, কৰ্মচাৰীৰে বিশ্বৰ বিভিন্ন শিতানত খোজ মিলাই অহা এক অগ্ৰণী শিক্ষানুষ্ঠান ।
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত 27তম প্ৰতিষ্ঠা দিৱস উদযাপন - তেজপুৰ বিশ্ববিদ্যালয়ত 27তম প্ৰতিষ্ঠা দিৱস উদযাপন
মঙলবাৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনৰ ২৭ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷ এই প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন বিশ্ববিদ্যালয় গ্ৰাণ্ট কমিছনৰ মূৰব্বী অধ্যাপক ভেদ প্ৰকাশ লগতে অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ডঃ কুলধৰ শইকীয়া ৷
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ডঃ কুলধৰ শইকীয়া । শইকীয়াই কয় যে, অসম সাহিত্য সভাৰ তৰফৰ পৰা আগন্তুক সময়ত বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ বাবে নতুন কৈ অসমীয়াৰ লগতে জন জাতীয় ভাষাৰ কিদৰে সংযোগ কৰিব পাৰি সেই বিষয়ে সাহিত্য সভা আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ভি কে জৈনে এই ২৭ বছৰত ছাত্ৰ ছাত্ৰী সকলক আৰু শিক্ষক সমাজে আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে । অনুষ্ঠানত পুৱা বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভণি কৰে ।
লগতে পঢ়ক:তিনিস্তৰীয় সুৰক্ষা ব্যৱস্থাৰে গণতন্ত্ৰ দিৱসৰ আয়োজন খানপাৰাত