অসম

assam

By

Published : Mar 24, 2023, 8:54 PM IST

ETV Bharat / state

TU 2023-24 : মুকলি কৰা হ’ল এক বিশেষ নামভৰ্তি পৰ্টেল

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ বিচৰা শিক্ষাৰ্থীসকলৰ বাবে এক সুখবৰ ৷ কিয়নো বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ২০২৩-২৪ বৰ্ষৰ বাবে বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে শীঘ্ৰে বিশ্ববিদ্যালয়ৰ নিজা প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব (Entrance Examination for TU 2023-24) ৷ যাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মুকলি কৰিছে এক বিশেষ নামভৰ্তি পৰ্টেল ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক ডেকাই ৷

Tezpur University launched special admission portal for students
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ CUET পৰ্টেলৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া আৰম্ভ

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ CUET পৰ্টেলৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া আৰম্ভ

গুৱাহাটী, ২৪ মাৰ্চ : শীঘ্ৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ২০২৩-২৪ বৰ্ষৰ বাবে বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন পাঠ্যক্ৰম যেনে পি এইচ ডি(PhD), স্নাতকোত্তৰ (Postgraduate) আৰু বি টেক (B. Tech) আদিত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব (Entrance Examination for TU 2023-24)৷ সেয়ে শুকুৰবাৰে এই পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ বাবে এক বিশেষ নামভৰ্তি পৰ্টেল পৰা মুকলি কৰা হয় (Tezpur University launched special admission portal for students) । শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক শংকৰ চন্দ্ৰ ডেকাই ৷

উক্ত সংবাদমেলতে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক শংকৰ চন্দ্ৰ ডেকাই (TU Examinations Controller Shankar Chandra Deka) কয় যে বিশ্ববিদ্যালয়খনত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ‘‘Central University Entrance Test’’ ৰ জৰিয়তে শিক্ষাৰ্থীসকলক বাছনি কৰা হ’ব । এই পৰীক্ষাৰ বাবে CUET পৰ্টেলৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে । CUET পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলেহে স্নাতক পাঠ্যক্ৰমসমূহৰ বাবে নামভৰ্তি কৰিব পাৰিব ।

লগতে পঢ়ক :SEBA issues strict guidelines: বিদ্যালয় পৰিদৰ্শকলৈ কঠোৰ নিৰ্দেশনাৱলী SEBA ৰ

লগতে তেওঁ আৰু কয়, ‘‘তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ বাবে উত্তৰ-পূৱ ভাৰতৰ প্ৰতিখন ৰাজ্যকে ধৰি ভাৰতৰ বিভিন্ন চহৰত ২৩ টা পৰীক্ষাকেন্দ্ৰ স্থাপন কৰা হ’ব ৷ য’ত আবেদনকাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে অ’ এম আৰ (OMR) ভিত্তিক লিখিত পৰীক্ষা বা বৰ্ণনাত্মক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব’’ ।

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক শংকৰ চন্দ্ৰ ডেকাই আৰু কয়, ‘‘B Tech পাঠ্যক্ৰমৰ প্ৰাৰ্থীসকলক JEE (Mains) ২০২৩ চনৰ ‘‘Common Rank list’’ ৰ ভিত্তিত বাছনি কৰা হ’ব । B Tech পাঠ্যক্ৰমসমূহৰ মুঠ আসনৰ ৬০% উত্তৰ-পূৱ ভাৰতীয় ৰাজ্যসমূহৰ স্থায়ী বাসিন্দাসকলৰ বাবে সংৰক্ষিত কৰা হৈছে আৰু বাকী ৪০% অইন ৰাজ্যৰ বাবে সংৰক্ষিত কৰা হৈছে’’ ।

লগতে পঢ়ক :Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details