তেজপুৰ, ১১ ডিচেম্বৰ: Aditya-L1 এ ২০০-৪০০ এন এম তৰংগদৈৰ্ঘৰ পৰিসৰত সূৰ্যৰ প্ৰথম সম্পূৰ্ণ ডিস্ক ছবি সফলতাৰে সংগ্ৰহ কৰিছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ (ISRO) অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে এই তথ্য ৷ Aditya-L1 মহাকাশযানত থকা সৌৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপে (SUIT) এ বিভিন্ন বৈজ্ঞানিক ফিল্টাৰ ব্যৱহাৰ কৰি এই তৰংগদৈৰ্ঘৰ পৰিসৰত সূৰ্যৰ আলোকমণ্ডল আৰু ক্ৰম’স্ফিয়াৰৰ ছবি ধৰিছিল ।
Aditya L1 ৰ সফলতাত আছে অসমৰ বিশেষ অৰিহণা ৷ Aditya L1 মহাকাশযানত থকা সৌৰ অতিবেঙুনীয়া ইমেজিং টেলিস্কোপ (SUIT) বিকাশত অসমৰ আগশাৰীৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ আছে বিশেষ অৱদান ৷ তেজপুৰ বিশ্ববিদ্যালয়ে ইন্টাৰ ইউনিভাৰ্চিটি চেণ্টাৰ ফ’ৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্স (IUCAA), পুনে, মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যন (MAHE), IISER-কলকাতাৰ চেন্টাৰ ফৰ এক্সিলেন্ট ইন স্পেছ চাইন্ট (CESSI), ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স বেংগালুৰু, উদয়পুৰ সৌৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ (USO-PRL) লগত সমূহীয়া প্ৰচেষ্টাৰ অন্তত মহাকাশযানখনত থকা SUIT ৰ বিকাশ কৰিছিল ৷
Aditya-L1 ৰ এই সফলতাৰ পাচত বিশ্ববিদ্যালয়সমূূহৰ এই সমূহীয়া প্ৰচেষ্টাৰ শলাগ লৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাই ফেচবুকত এটা পোষ্টৰ যোগে এই প্ৰচেষ্টাৰ শলাগ লৈ কয়, "বঢ়িয়া! এইটো এটা ডাঙৰ খবৰ ৷ অসমৰ গৱেষণাই আদিত্য(সূৰ্য) ৰ ওপৰত চিহ্ন এৰিব !আমোদজনক কথাটো হ’ল মহাভাৰতত তেজপুৰক অগ্নিগড় বুলিও জনা যায় আৰু এতিয়া চহৰখনৰ এই সৃষ্টিয়ে অগ্নি দেৱতাৰ শক্তি সহ্য কৰিব” ৷