তেজপুৰ, 20 জুলাই : বিশ্বব্যাপী অৰ্থনৈতিক অৱদানৰ সৈতে পৰ্যটন (Tourism) হৈছে বিশ্বৰ অন্যতম বৃহৎ উদ্যোগ । কিন্তু মহামাৰী ক’ভিড (Covid)য়ে উদ্যোগটোক নেতিবাচকভাৱে প্ৰভাৱিত কৰিছে আৰু উত্তৰ-পূব ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত নহয় । মহামাৰীৰ পাচত উত্তৰ-পূব ভাৰতৰ বাবে পৰ্যটন ক্ষেত্ৰৰ এখন ৰোডমেপ (Roadmap) প্ৰস্তুত কৰাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় (Tezpur University) আৰু ফাইণ্ডাৰব্ৰিজ (Finderbridge) নামৰ এক পৰ্যটন ব্যৱস্থাপনা সংগঠনে মঙলবাৰে উত্তৰ-পূব ভাৰত পৰ্যটন আই চি এন আই টিৰ ‘International E-Conferance on Northeast India Tourism’ (ICNIT) সন্দৰ্ভত আয়োজন কৰে এখন আন্তঃৰাষ্ট্ৰীয় ই-সন্মিলনৰ । উক্ত ভাৰ্চুৱেল সন্মিলনখনৰ উদ্দেশ্য হৈছে- উদ্যোগ আৰু শিক্ষাৰ পৰা ড’মেইন বিশেষজ্ঞ অনা আৰু তেওঁলোকৰ অন্তৰ্দৃষ্টিৰ পৰা শিক্ষালাভ কৰা ।
পৰ্যটন উদ্যোগ (Tourism Industry)ৰ অংশীদাৰসকলে ক’ভিড মহামাৰীৰ ফলত পৰ্যটকসকলৰ মানসিক আৰু আচৰণগত পৰিৱৰ্তনবোৰ অধ্যয়ন কৰিব লাগিব আৰু মহামাৰীৰ পাচৰ সময়ছোৱাত পৰ্যটনৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰণনীতি বিকশিত কৰিব লাগিব ৷ ব্যৱসায় প্ৰশাসন বিভাগৰ মুৰব্বী অধ্যাপক চন্দন গোস্বামীয়ে এইদৰে মন্তব্য কৰে । অধ্যাপক গোস্বামীয়ে লগতে কয় যে, এই ব্যৱস্থাই কিছুমান উৎকৃষ্টমানৰ নেটৱৰ্কিং (Networking) সম্ভাৱনা নিশ্চিত কৰে৷ এই ব্যৱস্থাই মহামাৰীৰ পাচত পৰ্যটন উদ্যোগৰ পুনৰুদ্ধাৰ, পুনঃনিৰ্মাণ আৰু পুনঃউদ্ভাৱনৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৷
সন্মিলনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মিজোৰাম চৰকাৰৰ পৰ্যটন, আইচিটি (ICT), ক্ৰীড়া আৰু যুৱ সেৱা (I/C) ৰাজ্যমন্ত্ৰী ৰবাৰ্ট ৰোমাৱিয়া ৰয়ট (Robert Romawia Royte)য়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত এক ব্যৱস্থাপনা গঢ়ি তোলাৰ ক্ষেত্ৰত মতামত আগবঢ়ায় ৷ তেওঁ কয়, ‘‘উত্তৰ-পূবৰ ৰাজ্যসমূহ বৈচিত্ৰতাৰে সমৃদ্ধ ৷ আমি ইয়াত পৰিৱেশ পৰ্যটন আৰু প্ৰকৃতিৰ দ্বাৰা আধাৰিত পৰ্যটনৰ প্ৰচাৰ কৰিব পাৰো ৷ মিজোৰাম চৰকাৰে দায়িত্বশীল পৰ্যটন নীতিৰ ওপৰত গুৰুত্ব দিছে আৰু ই মিজোৰামৰ পৰ্যটন ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে’’ ।