তেজপুৰ, ১০ ডিচেম্বৰ: অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদসকলক আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে । তেজপুৰতো অসম জাতীয় পৰিষদৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । তেজপুৰ সাহিত্য সভাৰ সন্মুখত আয়োজিত এই অনুষ্ঠানত অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক সোঁৱৰে অসম জাতীয় পৰিষদৰ শোণিতপুৰ জিলাৰ কৰ্মকৰ্তাই । অনুষ্ঠানত উপস্থিত থাকি শোণিতপুৰ জিলাৰ আহ্বায়ক জান বৰাই কয় যে, 'চৰকাৰে শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে ।
তেজপুৰত শ্বহীদ দিৱস পালন অসম জাতীয় পৰিষদৰ
শ্বহীদ দিৱস উপলক্ষে তেজপুৰত অসম জাতীয় পৰিষদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন । অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে অসম জাতীয় পৰিষদৰ শোণিতপুৰ জিলাৰ কৰ্মকৰ্তাই ।
কিন্তু প্ৰকৃততে যদি চৰকাৰে অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে তেন্তে, চৰকাৰে শ্বহীদ দিৱস পালন কৰি দেখুওৱা নিৰ্দশনৰ লগতে অসমৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰি শ্বহীদক শ্ৰদ্ধা জ্ঞাপন কৰক । লগতে 'কা' আন্দোলনৰ সময়ৰ ৫ জন শ্বহীদকো শ্ৰদ্ধাঞ্জলি জনোৱা প্ৰয়োজন বুলি মত প্ৰকাশ কৰে আহ্বায়কগৰাকীয়ে ।' উল্লেখ্য যে, অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত প্ৰতি বছৰে আজিৰ দিনটোতে শ্বহীদ দিৱস পালন কৰা হয় ।
লগতে পঢ়ক:চাইকেলেৰে যাত্ৰা কৰি আহমেদাবাদৰ পৰা ৰঙিয়া পালেহি ৪ গৰাকী আৰোহী