তেজপুৰ, ২৯ মে': ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ'ণাৰ সংহাৰ । সংক্ৰমণ ৰোধৰ বাবে দিনৰ ১১ বজাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ১২ বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে । আনহাতে, ক'ভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে মাৰ্চ মাহৰ শেষৰ পৰাই ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে । বিদ্যালয়ৰ পৰীক্ষা শেষ হোৱাৰ পিছত একাংশ ছাত্ৰ-ছাত্ৰী এতিয়া ঘৰতে থাকিবলগীয়া হৈছে ।
বিদ্যালয়, মহাবিদ্যালয় বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে থাকি গীত, নৃত্য, চিত্ৰাংকন আদি কৰাত নিজকে ব্যস্ত ৰাখিছে । একাংশ ছাত্ৰ-ছাত্ৰীয়ে সামাজিক মাধ্যমৰ যোগেদি নিজে কৰা কামৰ প্ৰচাৰ কৰি প্ৰতিভা বিকাশৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
এই সময়তে তেজপুৰৰ এগৰাকী ৰক্তিম ৰাজ দাসে ছবিৰ জৰিয়তে ৰাইজক ক'ভিড-১৯ সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰিছে । তেজপুৰৰ ডনবস্ক' হাইস্কুলৰ ছাত্ৰগৰাকীয়ে ক'ভিড প্ৰট'কলক বিষয় হিচাপে লৈ বিভিন্ন ছবি অংকন কৰিছে ।