অসম

assam

ETV Bharat / state

Russia Ukraine crisis: কি ক'লে ইউক্ৰেইনত আবদ্ধ তেজপুৰৰ ছাত্ৰীয়ে ? - ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাত

ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাতৰ (Russia Ukraine crisis) পাছতে ইউক্ৰেইনত আবদ্ধ ভাৰতৰ শিক্ষাৰ্থীসকল চিন্তিত হৈ পৰিছে । ইয়াৰ মাজতে ইউক্ৰেইনত আবদ্ধ হৈ থকা তেজপুৰৰ এগৰাকী ছাত্ৰীয়ে বৰ্ণনা কৰিলে বৰ্তমান পৰিস্থিতিৰ বিষয়ে । ইটিভি ভাৰতৰ সৈতে exclusive সাক্ষাৎকাৰত কি ক'লে ছাত্ৰীগৰাকীয়ে ?

Russia Ukraine crisis
ইউক্ৰেইনত আবদ্ধ তেজপুৰৰ ছাত্ৰী

By

Published : Feb 24, 2022, 3:16 PM IST

তেজপুৰ,২৪ ফেব্ৰুৱাৰী : সমগ্ৰ বিশ্বতে এতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাতৰ (Russia Ukraine crisis) প্ৰসংগ । এক প্ৰকাৰ যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ইউক্ৰেইনত । যাৰ বাবে ইউক্ৰেইনৰ নাগৰিকসকলৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ইফালে তাত চাকৰি বা আন কাৰণত থকা ভাৰতীয় নাগৰিকসকলো শংকিত হৈ পৰিছে ।

ইউক্ৰেইনৰ সৰু সৰু ৰাজ্যত ৰাছিয়াই আক্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ পাছতে শংকিত হৈ পৰিছে ভাৰতীয় মূলৰ শিক্ষাৰ্থীসকল । ইফালে সেই শিক্ষাৰ্থীসকলৰ পৰিয়ালো বৰ্তমান চিন্তাত পৰিছে । ইয়াৰ মাজতে ইউক্ৰেইনত অধ্যয়নৰত তেজপুৰৰ এগৰাকী যুৱতীৰ বাসগৃহত উপস্থিত হ'ল ইটিভি ভাৰতৰ সাংবাদিক । যুৱতীগৰাকীয়ে ইটিভি ভাৰতৰ সন্মুখত ইউক্ৰেইনৰ ভয়াৱহ পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰিলে (Tezpur student talks about current situation in Ukraine)। ইউক্ৰেইনৰ পৰাই বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে ক'লে প্ৰতীক্ষা গগৈ নামৰ ছাত্ৰীগৰাকীয়ে ।

Russia Ukraine crisis: কি ক'লে ইউক্ৰেইনত আবদ্ধ তেজপুৰৰ ছাত্ৰীয়ে ?

উল্লেখ্য যে তেজপুৰ প্ৰতীক্ষা গগৈ বৰ্তমান ইউক্ৰেইনৰ উঝোৰোদ নেশ্যনেল ইউনিভাৰচিটীৰ ৫ম ষান্মাসিকৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী । ছাত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে বৰ্তমান ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ দেশখনত । ৰাছিয়াই ইউক্ৰেইনৰ কিভ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত বোমা বিস্ফোৰণ কৰাৰ পাছতে পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । ইতিমধ্যে ছাত্ৰীগৰাকীৰ লগতে বহু ভাৰতীয় লোকে ভাৰতলৈ আহিবলৈ বিমান টিকট ক্ৰয় কৰিছে যদিও বিস্ফোৰণৰ পাছতে শেহতীয়াকৈ বহু বিমান বাতিল কৰিছে ইউক্ৰেইন প্ৰশাসনে । যাৰ ফলত সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰীসকল । আনহাতে বিমানৰ টিকটৰ মূল্যও বৃদ্ধি হোৱাৰ তথ্য পোৱা গৈছে ।

ভাৰতীয় দূতাবাসৰ (Indian embassy in Ukraine) তৰফৰ পৰাও পৰিস্থিতি সুস্থিৰ নোহোৱা পৰ্যন্ত ভাৰতীয় মূলৰ লোকসকলক সোনকালে ইউক্ৰেইন এৰাৰ জাননী জাৰি কৰিছে । কিন্তু বিমান বাতিলৰ পাছতে অধিক চিন্তিত হৈছে তাত থকা ছাত্ৰ-ছাত্ৰী আৰু আন লোকসকল । সেয়ে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ সহযোগিতা বিচাৰিছে প্ৰতীক্ষা গগৈ নামৰ ছাত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :ৰাষ্ট্ৰপতিক আপ্যায়ণৰ দায়িত্ব পাঁচ মন্ত্ৰীক

ABOUT THE AUTHOR

...view details