অসম

assam

ETV Bharat / state

বিজ্ঞানৰ যুগত এইয়া কি ঘটিছে তেজপুৰত ?? - assam news

তেজপুৰৰ পাঁচ নম্বৰ ওৱাৰ্ডৰ ৰানু সিং ৰোডত থকা এটি শিৱ মন্দিৰত সংঘটিত হৈছে এই ঘটনা ৷ মহাদেৱৰ বাহন নন্দীৰ এটা মূৰ্তিয়ে পান কৰিছে গাখীৰ

নন্দিৰ মুখত গাখীৰ !

By

Published : Jul 29, 2019, 10:08 PM IST

তেজপুৰ,২৯ জুলাই: তেজপুৰত অলৌকিক ঘটনা । এটি কংক্ৰিটৰ মূৰ্তিয়ে পান কৰিছে গাখীৰ ৷ তেজপুৰৰ পাঁচ নম্বৰ ওৱাৰ্ডৰ ৰানু সিং ৰোডত থকা এটা মহাদেৱ মন্দিৰত সংঘটিত হৈছে এই ঘটনা ৷ মহাদেৱৰ বাহন নন্দীৰ বনাই থোৱা এটি মূৰ্তিয়ে পান কৰিছে গাখীৰ ৷ শাওন মাহৰ দ্বিতীয়টো সোমবাৰৰ বল বমৰ দিনা ৰাজ্যখনৰ শিৱ মন্দিৰ সমূহত ভক্তই শিৱ লিংগত গাখীৰ আথবা পানী ঢালি পূজা অৰ্চনাত ব্যস্ত থকাৰ সময়তে তেজপুৰত সংঘটিত এই ঘটনা ৷ কেমেৰাত বন্দী হোৱা এই দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷ প্ৰকৃততে কিয় এই ঘটনা সংঘটিত হৈছে এই লৈ সচেতন মহলে উৰা বাতৰি নিবিয়পাবলৈ আহ্বান জনাইছে সকলোকে ৷

নন্দিৰ মুখত গাখীৰ !

ABOUT THE AUTHOR

...view details