অসম

assam

ETV Bharat / state

চাঞ্চল্যকৰ দম্পতী হত্যাকাণ্ডই কঁপাইছে তেজপুৰ - তেজপুৰৰ পতিয়াচুবুৰীত

এংলাে ইণ্ডিয়ান ব্র্যান অবিজ আৰু পত্নী আশা অবিজক নৃশংসভাবে হত্যা ডকাইতৰ ৷ ঘটনা সংঘটিত ২৪ ঘন্টাৰ পিছতহে শনিবাৰে নিশা সমগ্ৰ ঘটনা পোহৰলৈ অহাত চহৰখনত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে ।

tezpur-sonitpur-american-couple-murder
তেজপুৰত চাঞ্চল্যকৰ লােমহর্ষক হত্যাকাণ্ড

By

Published : Nov 22, 2020, 10:07 PM IST

তেজপুৰ, ২২ নৱেম্বৰঃতেজপুৰত সংঘটিত হৈছে এটাচাঞ্চল্যকৰ হত্যাকাণ্ড । কোনো অচিনাক্ত দুৰ্বৃত্তই ডকাইতি সংঘটিত কৰাৰ লগতে চোকা অস্ত্ৰৰে নৃশংসভাবে হত্যা কৰিলে এহাল বৃদ্ধ দম্পতীক। তেজপুৰ কছাৰী গাঁও আৰক্ষী চকীৰ অন্তর্গত পতিয়াচুবুৰীত সংঘটিত এই নৃশংস হত্যাকাণ্ড ৷ ঘটনা সংঘটিত ২৪ ঘন্টাৰ পিছতহে শনিবাৰে নিশা সমগ্ৰ ঘটনা পোহৰলৈ অহাত চহৰখনত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে ।

উল্লেখ্য যে, ব্র্যান অবিজ(৮২) আৰু আশা অবিজ (৬৫) বিগত ৩০ বছৰৰো অধিক কাল ধৰি বসবাস কৰিছিল তেজপুৰৰ পতিয়াচুবুৰীত । জন্মসূত্ৰে আমেৰিকান ব্র্যান অবিয়ে পিছলে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰি ডেবাড়নৰ যুৱতী আশাক বিয়া কৰাই সেনা বাহিনীৰ নির্মাণকাৰী সংস্থা গ্ৰীফৰ কর্মসূত্ৰে তেজপুৰলৈ আহি অৱসৰ গ্ৰহণ কৰিছিল। চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি পতিয়াচুবুৰীত নিগাজিকৈ থাকিবলৈ লৈছিল। দুই কন্যা ক্ৰমে বেবি অবিজ দিল্লী আৰু ডলি অবিজ পুনেত থকাৰ বিপৰীতে বৃদ্ধ দম্পতীয়ে পৰিয়ালৰ আন সদস্যৰ অবিহনেই পতিয়াচুবুৰীতে জীৱন-যাপন কৰিছিল । সময় কটাবলৈ এখন বিউটি ৰ্পালাৰ খুলি লৈছিল আশা অবিজে। উল্লেখযোগ্য যে,পুৱা-গধুলি দুই জীয়ৰীয়ে খবৰ লয় পিতৃ-মাতৃৰ ৷ ইপিনে শনিবাৰৰ পুৱাৰে পৰা খবৰ লবলৈ চেষ্টা কৰিছিল যদিও মাক দেউতাকৰ সৈতে কোনো ধৰণৰ সংযোগ কৰিব পৰা নাছিল বেবি আৰু ডলিয়ে ।

তেজপুৰত লােমহর্ষক হত্যাকাণ্ড

উপায়ন্তৰ হৈ জীয়ৰী দুগৰাকীয়ে তেজপুৰৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে । তাৰ পিছতে স্থানীয় এগৰাকী যুবকে নিশা প্ৰায় ৮.৩০ মান বজাত বৃদ্ধ দম্পতিহালৰ খবৰ লোৱাৰ উদ্দেশ্যে আহি বাসগৃহটোৰ পিছফালৰ দুৱাৰ খোলা অৱস্থাত দেখি ভিতৰলৈ প্ৰৱেশ কৰে আৰু দুয়ো গৰাকীকে বাসগৃহৰ ভিতৰত মৃত অৱস্থাত প্ৰতক্ষ্য কৰাৰ পিছতেই হুৱাদুৱা লাগে। ঘটনাস্থলীত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতা সহ আৰক্ষীৰ বৃহৎ দল এটা উপস্থিত হয় ।

উল্লেখযোগ্য যে, এটা কোঠাৰ মজিয়াত মুখত কাপোৰ বন্ধা অৱস্থাত ব্র্যান অবিজ আৰু আন এটা কোঠাৰ মজিয়াত আশা অবিজক মৃত অৱস্থাত বাসগৃহটোৰ পৰা উদ্ধাৰ কৰে । অচিনাক্ত দুৰ্বৃত্তৰ দলেটোৱে বাসগৃহটোৰ আলমাৰী, বাকচ আদিৰ সামগ্ৰী লণ্ডভণ্ড কৰা লগতে সা-সম্পতি লুট-পাত কৰাতে ক্ষান্ত নাথাকি দম্পতীক ডিঙিত চোকা অস্ত্ৰৰে ৰেপি হত্যা কৰে । ইপিনে ডকাইতৰ দলটোৱে বাসগৃহটোৰ পৰা কিমান ধন সম্পত্তি লুট কৰি নিলে সেয়া জানিব পৰা হোৱা নাই ৷ আৰক্ষীৰ অনুসন্ধানৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

আনহাতে ঘটনাৰ সৰ্ন্দভত শোণিপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাই ঘটনাস্থলী পৰিদৰ্শন কৰি কয় যে, এয়া এক ডকাইতি আৰু হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে যদিও অব্যাহত থকা তদন্তৰ অন্ততত হে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷ ইপিনে আৰক্ষীয়ে দম্পতীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছে ৷ পিতৃ-মাতৃৰ হত্যাৰ ঘটনাৰ বিষয়ে অবগত হোৱাৰ পিছতেই দেওবাৰে দিল্লী আৰু পুনেৰ পৰা দুয়োগৰাকী জীয়ৰী আহি তেজপুৰত উপস্থিত হৈছে। ইপিনে ধর্মীয় পৰম্পৰা অনুসৰি দুয়োগৰাকীৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ আহোমৰ-ৰজাঘৰীয়াৰ তেজ আছে লুৰিণৰ গাত : মহেন্দ্ৰ হাজৰিকা

ABOUT THE AUTHOR

...view details