অসম

assam

ETV Bharat / state

কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বন্যপ্ৰাণী সুৰক্ষা সজাগতা - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ প্ৰতি এক নতুন মাত্ৰা প্ৰদান কৰিছে নগাওঁ জিলাৰ পৰিবহন বিভাগে ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰত নগাঁও আৰু গোলাঘাট জিলাৰ মাজত অৱস্থিত অসমৰ গৌৰৱ বিশ্বৰ ঐতিহ্যৰ গৰিমাৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

Tezpur save rhino near kaziranga national highway assam etv bharat news
বন্যপ্ৰাণী সুৰক্ষা সজাগতা

By

Published : Mar 9, 2020, 8:47 PM IST

তেজপুৰ,৯ মাৰ্চঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অনুষ্ঠিত হৈছে বন্যপ্ৰাণী সুৰক্ষা সজাগতা ৷ "Drive Slow,Avoid Cell Phone,Love Rhino,Save Animal" আদি সতৰ্কতামূলক বাণীসমূহ পথৰ কাষত থকা শিলত লিপিবদ্ধ কৰা কাৰ্যয়ে আকৰ্ষিত কৰিছে কাজিৰঙাৰ পৰ্যটকক ৷ লগতে সজাগতা বৃদ্ধি কৰিছে পথৰ নিৰাপত্তা বৃদ্ধিৰ ক্ষেত্ৰত ৷

কেভিন পিটাৰছনৰ টুইট

উল্লেখ্য যে,বৰ্তমান গোলকীয় জনসংখ্যা অনুসৰি এশিঙিয়া গঁড়ৰ সংখ্যা হৈছে ৩,৫৮৪ ৷ ইয়াৰ ভিতৰত একমাত্ৰ ভাৰতবৰ্ষত ইয়াৰ সংখ্যা হৈছে ২,৯৩৮টা আৰু চুবুৰীয়া দেশ নেপালত ইয়াৰ সংখ্যা মাত্ৰ ৬৪৬টা ৷ এই তথ্য প্ৰকাশ কৰে ২০১৯ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত পৰিৱেশ মন্ত্ৰণালয়ে ৷ বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৮ চনৰ পিয়ল অনুসৰি মুঠ ২,৪১৩ টা গঁড়ে শোভাবৰ্ধন কৰি আছে ৷ সম্প্ৰতি অসমত পৰিবহণ বিভাগে বন বিভাগৰ লগত সমানে খোজ মিলাই বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি আগবাঢ়িছে,যি এক শুভ লক্ষণ ৷ উক্ত ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা যানবাহনে ইতিমধ্যে অনিষ্ট কৰিছে বহুতো বন্যপ্ৰাণীৰ ৷

বন্যপ্ৰাণী সুৰক্ষা সজাগতা

আনহাতে,পথৰ সমীপত লিখি ৰখা সতৰ্কতামূলক বাণীসমূহৰ ওচৰত ফটোৰ বাবে প'জ দিয়ে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনে ৷ ক্ৰিকেটাৰ গৰাকীয়ে এই বাৰ্তা টুইটৰ জৰিয়তে প্ৰকাশ কৰে বিশ্ববাসীৰ ওচৰত ৷ বৰ্তমান কাজিৰঙাত তথ্যচিত্ৰ নিৰ্মাণৰ বাবে চিত্ৰ সংগ্ৰহত ব্যস্ত আছে পিটাৰছন ৷ ক্ৰিকেটাৰগৰাকীৰ এই কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ প্ৰতি সজাগতা এতিয়া এক নতুন মাত্ৰা ধাৰণ কৰিছে সচেতন মহলত ৷

লগতে চাওকঃবৰদোৱাত ফাকুৱা উৎসৱৰ আনন্দ-উল্লাহ

ABOUT THE AUTHOR

...view details