তেজপুৰ, ৫ নৱেম্বৰঃমঙলবাৰে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ অষ্টম সংখ্যক মৃত্যু দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ সাহিত্য সভাই সুধাকণ্ঠৰ অষ্টম সংখ্যক মৃত্যু দিৱস উদযাপন কৰে। পুৱাই মৃত্যু দিৱসৰ এই কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক,লেখক-লেখিকাই ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনাই বিশ্ব বৰণ্য শিল্পীগৰাকীক।
সুধাকণ্ঠৰ 8 সংখ্যক মৃত্যু দিৱসত তেজপুৰ সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - Dr Bhupen Hazarika dead anniversary observed in tezpur
সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ সাহিত্য সভাই মঙলবাৰে সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ 8 সংখ্যক মৃত্যু দিৱস উদযাপন কৰে । পুৱাই মৃত্যু দিৱসৰ এই কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক, লেখক-লেখিকাসকল উপস্থিত থাকে ৷
তেজপুৰ সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
বিভিন্ন সাহিত্যিক,লেখক-লেখিকাই অংশ গ্ৰহণ কৰা এই অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভাষণ প্ৰদান কৰে। লগতে অনুষ্ঠানত সুধাকণ্ঠক সোঁৱৰি শিল্পীসকলে গীত পৰিৱেশন কৰে ৷ ইপিনে এই অনুষ্ঠানতে সাহিত্য সভাই নতুন প্ৰজন্মৰ শিল্পী সকলৰ প্ৰতি উদ্গনিমূলক প্ৰচেষ্টা হাতত লৈছে বুলি শইকীয়াই জনায় ।
লগতে চাওক- সুধাকণ্ঠৰ গীতৰ সংস্কৃত ৰূপান্তৰৰে শ্ৰদ্ধাঞ্জলী শিল্পী ৰঞ্জন বেজবৰুৱাৰ
Last Updated : Nov 5, 2019, 10:37 AM IST