তেজপুৰ,১৫ ফেব্ৰুৱাৰী: ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰে তেজপুৰ তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে চিত্ৰশিল্পী ৰোনাল ৰাজবংশীয়ে । শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ এক্স পুলিচ লাইনৰ বাসিন্দা ৰোনালে শিলত ৰং বুলাই আঁকিছে বহু কেইগৰাকী শিল্পী, সাহিত্যিকৰ ছবি ।
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম খোদিত ৰোনাল ৰাজবংশীৰ - স্বনামধন্য ব্যক্তিৰ চিত্ৰ
তেজপুৰৰ ৰোনাল ৰাজবংশীৰ হাতৰ পৰশত অনন্য ৰূপ পাইছে শিলে । শিলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সুধাকণ্ঠ, অৰণ্য মানৱ যাদৱ পায়েঙকে ধৰি কেইবাগৰাকীও স্বনামধন্য ব্যক্তিৰ চিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে যুৱকগৰাকীয়ে ৷
বিভিন্ন সৰু-বৰ শিলত ৰোনালে অংকন কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু ৰাভা, মামনি ৰয়ছম গোস্বামী, ড৹ ভূপেন হাজৰিকা, অৰণ্য মানৱ যাদৱ পায়েঙকে ধৰি কেইবাগৰাকীও স্বনামধন্য ব্যক্তিৰ চিত্ৰ । লগতে শিলত বন্য জীৱ-জন্তুৰ চিত্ৰ অংকন কৰিছে ৰোনালে । সৰুৰে পৰাই চিত্ৰ শিল্পৰ প্ৰতি ধাউতি থকা ৰোনাল এগৰাকী চিত্ৰকলাৰ শিক্ষক । কেৱল শিলত চিত্ৰ অংকন কৰাই নহয়, ৰোনালে অঁকা আন ছবিসমূহেও যথেষ্ট সমাদৰ লাভ কৰিছে ।
যোৱা জানুৱাৰী মাহত ৰোনালে শিলত বিভিন্ন বিশিষ্ট ব্যক্তিৰ চিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ বাবে প্ৰেৰণ কৰিছিল । ইয়াৰ পিছতে তেওঁৰ নাম ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হয় ৰোনালৰ নাম । নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জীয়া ভৰলী নদীৰ পৰা শিলবোৰ সংগ্ৰহ কৰি নদীৰ পাৰতে ৰোনালে চিত্ৰ অংকন কৰে ।
লগতে পঢ়ক: স্বপং য়ং মানাও পয় উৎসৱৰ সফল সামৰণি