অসম

assam

By

Published : Oct 16, 2019, 7:25 PM IST

Updated : Oct 16, 2019, 7:38 PM IST

ETV Bharat / state

কংগ্ৰেছ ভ্ৰষ্টাচাৰৰ দলঃ সৰ্বানন্দ সোণোৱাল

ৰঙাপৰাৰ উপ নিৰ্বাচনত অংশ ল'বলৈ গৈ কংগ্ৰেছ দলক সমালোচনাৰে থকা সৰকা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আক্ৰমণাত্মক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ ভাৰতবৰ্ষৰ ৫৫ বছৰীয়া ইতিহাসত কংগ্ৰেছেই আটাইতকৈ কলংকিত দল ৷

ৰঙাপৰাৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী

তেজপুৰ,১৬ অক্টোবৰ : ৰঙাপাৰা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছ দলক সমালোচনাৰে থকা সৰকা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ পূৰ্বতকৈ এইবাৰ অধিক আক্ৰমণাত্মক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ কংগ্ৰেছ সম্পৰ্কত সোণোৱালে কয় যে, কংগ্ৰেছ মানে সংঘাত,ভ্ৰষ্টাচাৰ,অপশাসন ৷ কংগ্ৰেছ দলটো এটা ভ্ৰষ্টাচাৰৰ দল,ভাৰতবৰ্ষৰ ৫৫ বছৰীয়া ইতিহাসত কংগ্ৰেছেই আটাইতকৈ কলংকিত দল ৷

কংগ্ৰেছ মানে সংঘাত,ভ্ৰষ্টাচাৰ,অপশাসনঃ সৰ্বানন্দ সোণোৱাল

ৰঙাপাৰাৰ বৰঘাটৰ ঝাৰনী পথাৰৰ নিৰ্বাচনী সভাত এইদৰে কংগ্ৰেছ দলক আক্ৰমণ কৰে ৷ ৰাজ্যত চলি থকা চিণ্ডিকেট সম্পৰ্কত কংগ্ৰেছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাত থকা বুলি অভিযোগ কৰা পিচতে মুখ্যমন্ত্ৰী সোণোৱালে এনেদৰে প্ৰত্যুতৰ দিয়ে ৷

74নং ৰঙাপাৰা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে সমষ্টিটোৰ তিনিখন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই ৷ সমষ্টিটোৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ হৈ চলায় নিৰ্বাচনী প্ৰচাৰ ৷ উল্লেখ্য যে ৰাজেন বৰঠাকুৰ তেজপুৰৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৷

পুৱা ১১: ৩০ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰঙাপাৰাৰ ফুলবাৰী চাহ বাগিছাৰ সমীপত হেলিকপ্তাৰৰে অৱতৰণ কৰি বাগিছাৰ শ্ৰমিকসকলক সাক্ষাৎ কৰে আৰু তাৰ পাছতে সমষ্টিটোৰ ঝাৰনীত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৷ এই প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস,মন্ত্ৰী কেশৱ মহন্ত,চতিয়াৰ বিধায়ক পদ্ম হাজৰীকাই ৷ উল্লেখ্য যে,পূৰ্বৰ বিধায়ক পল্লৱ লোচন দাস লোকসভাৰ নিৰ্বাচনত সাংসদ নিৰ্বাচিত হোৱাৰ পিচত ৰঙাপৰা বিধানসভাৰ আসনখন খালি হৈ আছিল ৷ আনহাতে নিৰবাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঝাৰনী পথাৰ সংখ্যালঘু অধ্যুষিত এলেকাত সকলো প্ৰকাৰৰ উন্নয়নৰ আশ্ৱাস দিয়ে ৷

Last Updated : Oct 16, 2019, 7:38 PM IST

ABOUT THE AUTHOR

...view details