তেজপুৰ, 24জানুৱাৰী : গণৰাজ্য দিৱসৰ পূৰ্ৱে অসমবাসীলৈ আহিছে এক সু-খবৰ ৷ কিয়নো অসম তথা সংস্কৃতিক নগৰী তেজপুৰলৈ গৌৰৱৰ কঢ়িয়াই আনিছে তেজপুৰৰ জীয়ৰী স্পেইনি বৰ্মনে ৷ যোৱা ডিচেম্বৰ মাহৰ ৩১ তাৰিখে উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কেম্পত অংশগ্ৰহণ কৰি এন এছ এছ ৰ কাৰ্যকৰ্তা হিচাপে অসমক প্ৰতিনিধিত্ব কৰি দিল্লীলৈ যায় তেজপুৰৰ জীয়ৰী স্পেইনি বৰ্মনে ৷ লগতে আগন্তুক গণৰাজ্য দিৱস, নতুন দিল্লীত অনুষ্ঠিত হ’ব লগীয়া সামৰিক অভিবাদন অনুষ্ঠানত অংশ ল’ব তেজপুৰৰ জীয়ৰী গৰাকীয়ে ৷
অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে তেজপুৰৰ এগৰাকী জীয়ৰীয়ে - তেজপুৰ
তেজপুৰৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱৰ কঢ়িয়াই আনিছে তেজপুৰৰ জীয়ৰী স্পেইনি বৰ্মনে ৷ আগন্তুক গণৰাজ্য দিৱসত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগীয়া সামৰিক অভিবাদন অনুষ্ঠানত অংশ ল’ব তেজপুৰৰ জীয়ৰী গৰাকীয়ে ৷
অসমলৈ গৌৰৱৰ কঢ়িয়াই আনিছে স্পেইনি বৰ্মনে
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হ’ব লগীয়া সাংস্কৃতিক কাৰ্য্যসূচীতো অংশগ্ৰহণ কৰিব স্পেইনি বৰ্মনে ৷ স্পেইনি তেজপুৰ ৰবৰ বাগানৰ সতিশ বৰ্মন আৰু চম্পা বৰ্মনৰ কন্যা ৷ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ তৃতীয় সন্মাসিকৰ ছাত্ৰী স্পেইনি ৷ তেজপুৰৰ জীয়ৰী স্পেইনি বৰ্মনৰ এই কাৰ্যত এতিয়া পিতৃ-মাতৃৰ লগতে গৌৰৱান্ধিত তেজপুৰবাসী ৷
লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ ৰাজপথত নিৰ্মাণ দেশৰ প্ৰথম এয়াৰষ্ট্ৰিপ