তেজপুৰ,২ মাৰ্চ: ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে কি শাসক কি বিৰোধী সকলোৱে নিজ নিজ দলৰ ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ তাৰ মাজতে সোমবাৰে দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা ৷ এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহত্তম শিৱলিংগ তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত প্ৰৱেশ কৰি পূজা-অৰ্চনা কৰিছে কংগ্ৰেছৰ ষ্টাৰ কেম্পেনাৰ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই । ইতিমধ্যে বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ লগত কৰ্মৰত অৱস্থাত বাৰ্তালাপ কৰা দৃশ্য দেখা গৈছে গান্ধীক ।
শ্ৰমিকৰ সৈতে মত বিনিময় চামেলিৰূপী প্ৰিয়ংকা গান্ধীৰ
বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ লগত কৰ্মৰত অৱস্থাত বাৰ্তালাপ কৰা দেখা গৈছে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক ৷
চাহ শ্ৰমিকৰ সৈতে মত বিনিময় প্ৰিয়ংকা গান্ধীৰ
কাৰ্যসূচী অনুসৰি মঙলবাৰে বিশ্বনাথত উপস্থিত হয় প্ৰিয়ংকা গান্ধী । অঞ্চলটোৰ চাহ বাগিচাৰ লোকসকলৰ লগত মত বিনিময় কৰে গান্ধীয়ে । লগতে চাহ পাতো চিঙা দেখা যায় কংগ্ৰেছ নেত্ৰী গৰাকীক । তাৰ সমান্তৰালভাৱে নেত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰাৰ সময়চোৱাত তেওঁলোকৰ দৈনিক মজুৰী, জীৱন পদ্ধতি, স্বাস্থ্য, শিক্ষা আদিৰ ওপৰত আলোচনা কৰে ৷ লগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব বুলি উল্লেখ কৰে ৷
লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান
Last Updated : Mar 2, 2021, 3:54 PM IST