তেজপুৰ, 11 জুন : ক্ৰমাগতভাৱে অপৰাধ নিয়ন্ত্ৰণৰ দিশত এটাৰ পিছত আন এটা সফলতা শোণিতপুৰ জিলা আৰক্ষীৰ ৷ ২৪ ঘন্টাৰ ভিতৰতে এটি চুৰি কাণ্ডৰ সৈতে জড়িত দুই চোৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে উদ্ধাৰ কৰিছে চুৰি হোৱা ধন ৷
চুৰিকাণ্ডৰ 24 ঘন্টাৰ ভিতৰতে তেজপুৰ আৰক্ষীয়ে ধন সহ আটক কৰিলে চোৰক - শোণিতপুৰ জিলা আৰক্ষী
অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অধিক কঠোৰ আৰু সক্ৰিয় ৰূপত দেখা গৈছে শোণিতপুৰ জিলা আৰক্ষীক ৷ চুৰিকাৰ্য সংঘটিত হোৱাৰ 24 ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিলে চুৰি হোৱা ধন সহ দুই চোৰক ৷
![চুৰিকাণ্ডৰ 24 ঘন্টাৰ ভিতৰতে তেজপুৰ আৰক্ষীয়ে ধন সহ আটক কৰিলে চোৰক tezpur-police-arrest-thief-with-money-within-24-hours-after-loot](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12091888-358-12091888-1623386779308.jpg)
উল্লেখ্য যে, শোণিতপুৰ জিলাৰ ঠেলামৰা এৰাসূঁতি অঞ্চলৰ বিভাস ভূষণ নাথ নামৰ লোকজনৰ ঘৰৰ পৰা ৮ জুনৰ নিশা দুৰ্বৃত্তই লুট কৰি নিয়ে প্ৰায় 82,500 টকা ৷ ইয়াৰ পিছতেই শোণিতপুৰ জিলাৰ নৱ নিযুক্ত উপ আৰক্ষী অধীক্ষক এছ শুক্লবৈদ্যৰ নেতৃত্বত যোৱা এটা দলে এই ঘটনাৰ সৈতে জড়িত ঠেলামৰা ঔবাৰীৰ দীপাংকৰ দে আৰু এগৰাকী কিশোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে দুয়োজনৰ পৰা মুঠ ৮১ হাজাৰ টকা উদ্ধাৰ কৰে ৷ সম্প্ৰতি দুয়োকে ন্যায়ালয়ত হাজিৰ কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :লেটেকুজান চাহ বাগিচাত আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ যৌথ অভিযান