অসম

assam

ETV Bharat / state

নিজ গৃহতে এলাগী হৈ পৰিছে পদ্মনাথ গোহাঞি বৰুৱা

অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি, সাহিত্য কাণ্ডাৰী গোহাঞি বৰুৱাৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰাৰ পৰা আঁতৰি থাকিল তেজপুৰ পৌৰ সভা আৰু সহযোগী প্ৰশাসন । তেজপুৰ পৌৰ সভাৰ কাৰ্যালয়ৰ পৌৰ পতি আছিল পদ্মনাথ গোহাঞি বৰুৱা ৷

Tezpur Padmanath gohayi barua story
নিজ গৃহতে এলাগী হৈ পৰিছে পদ্মনাথ গোহাঞি বৰুৱা

By

Published : Nov 21, 2020, 10:10 PM IST

তেজপুৰ,২১ নৱেম্বৰ :নিজ গৃহতে আজি এলাগী হৈ পৰিছে পদ্মনাথ গোহাঞি বৰুৱা । অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি, সাহিত্য কাণ্ডাৰী গোহাঞি বৰুৱাৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰাৰ পৰা আঁতৰি থাকিল তেজপুৰ পৌৰ সভা আৰু সহযোগী প্ৰশাসন । তেজপুৰ পৌৰ সভাৰ কাৰ্যালয়ৰ পৌৰ পতি আছিল পদ্মনাথ গোহাঞি বৰুৱা ৷

নিজ গৃহতে এলাগী হৈ পৰিছে পদ্মনাথ গোহাঞি বৰুৱা

তেজপুৰ চহৰৰ মাজ-মজিয়াৰ ধোৱা পুখুৰী বুলি খ্যাত আৰু বৰ্তমান পৌৰ সভাই স্থাপন কৰা যান বাহনৰ পাৰ্কিং আৰু তাৰ সন্মুখত স্থাপন কৰিছিল এই মহান মনিষী গৰাকীৰ স্তম্ভ ৷ কিন্তু স্তম্ভটো নিৰ্মাণ কৰিয়ে দায়িত্ব সমৰিলে কৰ্তৃপক্ষই । বিগত ৫ বছৰ ধৰি পৰিত্যক্ত হৈ পৰি ৰৈছে স্তম্ভটো ৷

পদ্মনাথ গোহাঞি বৰুৱাৰ তেজপুৰ পৌৰ সভাৰ প্ৰথম গৰাকী পৌৰ পতি আৰু তেজপুৰ চৰকাৰী বালক বিদ্যালয়ৰ লগতো ওতঃপ্ৰোত ভাৱে জড়িত আছিল । সাহিত্যৰ ভৰাঁল চহকী কৰা তথা সামাজিক স্তৰত বাট দেখুৱাই দিয়া এই গৰাকী মহান ব্যক্তিৰ নাতি সঞ্জয় গোহাঞি বৰুৱাৰ মতে,এই স্তম্ভটো দেখিলে পৰিয়ালৰ লোকে দুখঃ প্ৰকাশ কৰে ৷ উক্ত ঠাইখিনিত বিভিন্ন বজৰুৱা সামগ্ৰী দল-সংগঠনে পালন কৰা কাৰ্যসূচীৰ নাম-ফলকৰে আৱৰি থাকে বুলি মন্তব্য কৰে নাতি সঞ্জয় গোহাঞি বৰুৱাই । পৰিয়ালৰ আহ্বান অনুসৰি, আগন্তুক ১৬ ডিচেম্বৰত পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী পালনৰ প্ৰস্তুতি কৰিছে তেজপুৰবাসীয়ে ৷ জন্ম- জয়ন্তীৰ পূৰ্বে মূৰ্তিটো স্থাপনৰ বাবে দাবী জনায় অঞ্চলবাসীয়ে ৷

আনহাতে তেজপুৰ বান থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰীয়ে কয় যে, ই এক আমাৰ বাবে লাজৰ বিষয় । সুদূৰ তিনিচুকীয়া জিলাৰ মুখ্য দ্বাৰত পদ্মনাথ গোহাঞি বৰুৱাৰ মূৰ্তি যদি স্থাপন কৰিব পাৰে তেনেহলে তেওঁৰ কৰ্মস্থলীত তেজপুৰ চহৰত কিয় কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে সম্পাদক গৰাকীয়ে ।

অন্য এক খবৰৰ বাবে:ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details