তেজপুৰ,২৭ফেব্ৰুৱাৰী: বুধবাৰে শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । নাতিয়েকৰ কুঠাৰৰ আঘাতত প্ৰাণ গ'ল আইতাকৰ। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত পামবস্তিৰ নিৱাসী বাদল প্ৰজাৰ পুত্ৰ বিশাল প্ৰজাই নিজৰ আইতাক দশমী হলমানক এখন কুঠাৰৰে প্ৰহাৰত কৰাত বৃদ্ধা গৰাকী থিতাতে মৃত্যুক সাৱটি লয় ।
ৰঙাপৰাত নাতিয়েকৰ কুঠাৰৰ আঘাতত প্ৰাণ গ'ল আইতাকৰ - আত্মসমৰ্পন
হত্যাকাৰী নাতিয়েক বিশালে ৰঙাপৰা আৰক্ষী থানাত আত্মসমৰ্পন কৰে
ৰঙাপৰা হত্যাকাণ্ড
পাছত হত্যাকাৰী বিশালে ৰঙাপৰা আৰক্ষী থানাত আত্মসমৰ্পন কৰি হত্যাকাণ্ডৰ কথা অৱগত কৰাৰ পাচতহে সমস্ত ঘটনাটো পোহৰলৈ আহে । ৰঙাপৰা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰন্নোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰে । ইপিনে উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।