অসম

assam

ETV Bharat / state

তেজপুৰত দুৰ্গন্ধৰ আন এক নাম নলা-নৰ্দমা

তেজপুৰ চহৰত আৱৰ্জনাৰ মাৰাত্মক দুৰ্গন্ধই জিয়াতু ভুগাইছে ৰাইজক । কাণসাৰ নাই পৌৰ সভাৰ লগতে জিলা প্ৰশাসনৰ ৷

তেজপুৰ চহৰৰ বৰ্তমান জাৱৰৰ মাৰাত্মক দুৰ্গন্ধত হাৰাশাস্তি হৈছে পথচাৰীৰ

By

Published : May 8, 2019, 1:11 PM IST

তেজপুৰ,8মে': ক্লিন এণ্ড গ্ৰীণ চিটিৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰ চহৰৰ বৰ্তমান জাৱৰৰ মাৰাত্মক দুৰ্গন্ধত হাৰাশাস্তি হৈছে পথচাৰীৰ । ইতিহাস প্ৰসিদ্ধ তেজপুৰৰ ১১৭ বছৰীয়া বান থিয়েতাৰৰ সমীপৰ মূল পথটোৰ নলা নাৰ্দমাৰ কদৰ্য ৰূপে জিয়াতু ভুগাইছে ৰাইজক । তেজপুৰ পৌৰ সভাই বিগত সময়চোৱাত চহৰৰ একাংশ পথৰ নলা নতুন ৰূপত মেৰামতি কৰিলে যদিও বৰ্তমান পৰ্যন্ত বান থিয়েতাৰ গাতে লাগি থকা নলাটো মেৰামতি নকৰাৰ ফলত পথচাৰীয়ে দুৰ্ভোগ ভুগিলগীয়া হৈছে । যাৰ বাবে এজাক বৰষুণৰতে পথটো পাৰ হ'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । কিন্তু এই বিষয়ে কানসাৰ নাই পৌৰ সভাৰ ৱাৰ্ড কমিছনাৰ আৰু কৰ্তৃপক্ষৰ । আনহাতে শোণিতপুৰ জিলা প্ৰশাসনেও এই বিষয়ত কোনোধৰণৰ ব্যবস্থা গ্ৰহণৰ পৰা বিৰত আছে । উল্লেখ্য যে তেজপুৰ পৌৰ সভাৰ অধীনত ইতিমধ্যে বহুতো পুনৰ নিৰ্মানৰ কাম সময়ে সময়ে চলি আহিছে যদিও এনে ধৰণৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় সমূহ কৰ্তৃপক্ষৰ সদিচ্ছাৰ অভাৱতে এলাগী হৈ থাকিবলগীয়া হৈছে । স্থানীয় লোকৰ অভিযোগ অতি সোনকালে ইয়াক মেৰামতি কৰি কার্যত পৰিণত কৰিব লাগে ।

তেজপুৰ চহৰৰ বৰ্তমান জাৱৰৰ মাৰাত্মক দুৰ্গন্ধত হাৰাশাস্তি হৈছে পথচাৰীৰ

ABOUT THE AUTHOR

...view details