তেজপুৰ, ২১ আগষ্ট : আফগানিস্তানৰ শাসনভাৰ তালিবানে দখল কৰাৰ পাছতে একপ্ৰকাৰ অৱনতি ঘটিছে দেশখনৰ পৰিস্থিতিৰ ৷ ভাৰতৰ লগতে অসমতো ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে ৷ আফগানিস্তানৰ হিংসাজৰ্জৰ পৰিস্থিতি শাম কটাৰ বাবে সকলোৱে দোৱা-প্ৰাৰ্থনা অব্যাহত ৰাখিছে ৷
কিন্তু তাৰ মাজতে প্ৰচাৰ হোৱা এক খবৰে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে ৷ কৰাৰ সময়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এজন ছাত্ৰক তালিবানক কৰা সমৰ্থনৰ অভিযোগত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় । ঘটনাৰ বিৱৰণী অনুসৰি, তেজপুৰ মেডিকেল কলেজৰ তৃতীয় বৰ্ষৰ নাদিম আখতাৰ নামৰ এগৰাকী ছাত্ৰই শুকুৰবাৰে নিশা ছ’চিয়েল মিডিয়া ফেচবুকত তালিবানক সমৰ্থন জনাই এটা পোষ্ট আপলোড কৰে ৷