অসম

assam

ETV Bharat / state

ক’ভিড ৰোগীৰ মৃত্যু সন্দৰ্ভত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তদন্তৰ নিৰ্দেশ

ছদিন পিছত উদ্ধাৰ হোৱা ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Tezpur Medical College)ত তদন্তৰ নিৰ্দেশ জাৰি শোণিতপুৰ জিলা উপায়ুক্তৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(Tezpur Medical College)ত সৃষ্টি হৈছে এক চাঞ্চল্যৰ ৷

ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা
ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

By

Published : Jun 11, 2021, 2:23 PM IST

Updated : Jun 11, 2021, 7:54 PM IST

তেজপুৰ, ১১ জুন :শোণিতপুৰ জিলাৰ অন্তৰ্গত সৰুপাত গাঁৱৰ এগৰাকী ৬৫ বছৰীয়া ক’ভিড (Covid) ৰোগত আক্ৰান্ত মহিলাক আশাকৰ্মীৰ সহযোগিতাত পৰিয়ালে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু হঠাৎ ক’ভিড কক্ষৰ পৰা অন্তৰ্ধান হৈছিল ক’ভিড ৰোগীগৰাকী ৷ এই অভিযোগ উত্থাপন কৰিছিল সন্ধানহীন ক’ভিড ৰোগীৰ পৰিয়ালে ৷ এই বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷

ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

ইটিভি ভাৰতৰ বাতৰিৰ পিছতেই শোণিতপুৰ জিলা উপায়ুক্তই এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে । জিলা উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে ইটিভি ভাৰতক ফোন যোগে জনাই এই তথ্য। উপায়ুক্ত গৰাকীয়ে কয় যে, ইতিমধ্যে এগৰাকী দণ্ডাধীশৰ জৰিয়তে সমগ্ৰ বিষয় সম্পৰ্কে তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

উল্লেখ্য যে, ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছতেই তেজপুৰ চিকিৎসা মহাবিদ্যালয়(Tezpur Medical College)ৰ মৰ্গত ৯ জুনত উদ্ধাৰ হৈছিল ক’ভিড ৰোগীগৰাকীৰ মৃতদেহ ৷ ঘটনাৰ অভিযোগ অনুসৰি, বিগত ২৬ মে’ত তেজপুৰ সৰুপাটগাঁৱৰ ধনমণি গোৱালা নামৰ ৬৫ বছৰীয়া মহিলা গৰাকী ক’ভিডত আক্ৰান্ত হোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Tezpur Medical College)ৰ ক’ভিড কক্ষত ভৰ্তি কৰোৱা হয় ৷ বিগত ৩ জুনলৈকে তেওঁ কভিড কক্ষতে আছিল ৷ কিন্তু ৪ জুনৰ পৰা হঠাৎ ক’ভিড কক্ষত ৰোগীগৰাকীক তেওঁৰ পুত্ৰ কৰ্মেশ্বৰ গোৱালাই বিচাৰি নাপাই হুৱাদুৱা লগায় ৷

ক’ভিড ৰোগীৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তেজনা

পুত্ৰৰ অভিযোগ, চিকিৎসালয় কতৃপক্ষই ধনমণি গোৱালা নামৰ কোনো ৰোগীয়ে চিকিৎসালয়ত ভৰ্তি হোৱা নাই মন্তব্য কৰে ৷ হাস্পতাল কতৃপক্ষৰ এই মন্তব্য শুনি ক’ভিড ৰোগী ধনমণি গোৱালাৰ পুত্ৰ আচৰিত হৈ পৰে ৷

ক’ভিড ৰোগীৰ মৃত্যু সন্দৰ্ভত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তদন্তৰ নিৰ্দেশ

৪ জুনৰ পৰা মাতৃক বিছাৰি হাবাথুৰি খালে পুত্ৰই ৷ কিন্তু সন্ধান নাপালে মাতৃৰ ৷ সম্পূৰ্ণ ৫ টা দিন চিকিৎসালয় খনত মাতৃক বিচাৰি হাইৰান হৈ পৰে পুত্ৰ ৷ মাতৃ ধনমণিৰ মৃত্যু হ’ল নেকি ক’ভিডত সেয়াও নাজানিলে তেওঁৰ পুত্ৰই ৷ নজনালে চিকিৎসা মহাবিদ্যালয় কতৃপক্ষই ৷ কতৃপক্ষই ধনমনি গোৱালা নামৰ কোনো মহিলা চিকিৎসালয়ত ভৰ্তি হোৱাই নাই বুলি পৰিয়ালক কিয় মিছাকৈ ক’লে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলে ?

অৱশেষত উপায়ন্তৰ হৈ ৯ জুনত পুৱা তেজপুৰ শালনীবাৰী আৰক্ষীৰ ওচৰত কৰ্মেশ্বৰ গোৱালাই দাখিল কৰে এজাহাৰ ৷ তাৰ পাচতেই হুৱাদুৱা লাগে চিকিৎসা মহাবিদ্যালয় খনত ৷ ৯ জুনৰ বিয়লি ধনমনিৰ মৃতদেহ উদ্ধাৰ হয় চিকিৎসা মহাবিদ্যালয় হস্পিতাল (Tezpur Medical College)ৰ মৰ্গত ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি প্ৰায় ১:৫৫ বজাত ধনমনি গোৱালাৰ মৃত্যু দেখুৱাইছে হাস্পতাল কতৃপক্ষই ৷ কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত, বিগত ৫ দিনে ক’ত আছিল মৃত ধনমনি ? কিন্তু কিয় পৰিয়ালক জনোৱা নাছিল হাস্পতাল কতৃপক্ষই ?

এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ পিছতহে পোহৰলৈ আহিব সকলো তথ্য ।

লগতে পঢ়ক:গভীৰ সংকটত ৰঙিয়াৰ বাছৰ মালিক আৰু কৰ্মচাৰী

Last Updated : Jun 11, 2021, 7:54 PM IST

ABOUT THE AUTHOR

...view details