অসম

assam

ETV Bharat / state

তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ অভিযান - তেজপুৰ আইন মহাবিদ্যালয়ত আয় কৰ বিভাগৰ অভিযান

তেজপুৰৰ আয়কৰ বিভাগৰ কাৰ্যালয়ত আয় কৰ বিভাগৰ বিষয়া নাৰায়ণ চন্দ্ৰ দাসৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দুলুমণি নাথ আৰু হিচাপৰক্ষক অনুৰাগ হাজৰিকাক মাৰাথন জেৰা

তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ তদন্ত

By

Published : Oct 22, 2019, 10:06 PM IST

তেজপুৰ, ২২অক্টোবৰ: তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ অভিযান মঙলবাৰে। ২০১৬ চনৰ পৰা টি ডি এছ জমা নিদিয়াৰ অভিযোগ উত্থাপন পূৰ্বৰ অধ্যক্ষ ডঃ ভুৱন চন্দ্ৰ বৰুৱাৰ বিৰুদ্ধে। মঙলবাৰে তেজপুৰৰ আয় কৰ বিভাগৰ কাৰ্যালয়ত আয় কৰ বিভাগৰ বিষয়া নাৰায়ণ চন্দ্ৰ দাসে তেজপুৰ আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দুলুমণি নাথ আৰু হিচাপৰক্ষক অনুৰাগ হাজৰিকাক মাৰাথান জেৰা চলায়। আয়কৰ বিভাগৰ বিষয়াগৰাকীয়ে জেৰা কৰি সম্পূৰ্ণ তথ্য আৰু হিচাপ লৈ কয় যে,আইন মহাবিদ্যালয়খনৰ ধন জমা কৰে অধ্যক্ষ বৰুৱাৰ আত্মীয়ৰ নামত। লগতে হিচাপ নিদিয়াকৈ কলেজৰ পুঁজিৰ অপব্যৱহাৰ কৰি আহিছে।

তেজপুৰৰ আয়কৰ বিভাগৰ কাৰ্য্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষ দুলুমণি নাথ আৰু হিচাপৰক্ষক অনুৰাগ হাজৰিকাক জেৰা
উল্লেখযোগ্য যে অভিযুক্ত অধ্যক্ষ ডঃ ভুৱন চন্দ্ৰ বৰুৱা গুৱাহাটীৰ এন,ই এফ আইন মহাবিদ্যালয়ত অতিৰিক্তভাৱে অধ্যক্ষৰ দায়িত্বত কাৰ্য নিৰ্বাহ কৰি আছে ।
তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ তদন্ত

For All Latest Updates

ABOUT THE AUTHOR

...view details