তেজপুৰ, ২ জুনঃ25 বছৰে চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে মঙলবাৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে তেজপুৰৰ কণকলতা চিভিল হাস্পতালত কৰ্মৰত একাংশ চতুৰ্থ বৰ্গৰ স্বাস্থ্যকৰ্মীৰ ৷ চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ শ্ৰমদান দি অহা কৰ্মচাৰীসকলৰ অভিযোগ,স্থায়ী সমাধান নকৰাকৈ নতুন কৰ্মচাৰীৰ নিযুক্তি দিয়া হৈছে তেজপুৰৰ ১০০ খন বিছনাযুক্ত প্ৰসূতি শিশু চিকিৎসালয়খনত ৷ ইয়াৰোপৰি Covid 19ৰ ২০০ খন বিছনাযুক্ত চিকিৎসালয়টো থলুৱা লোকক বঞ্চিত কৰি নতুন কৰ্মীক নিযুক্তি দিয়াৰ অভিযোগ কৰে 25 বছৰে কৰ্মৰত স্বাস্থ্যকৰ্মীসকলে।
তেজপুৰত স্বাস্থ্যৰ ক্ষোভৰ বহিঃপ্ৰকাশ - তেজপুৰৰ ১০০ খন বিছনাযুক্ত প্ৰসূতি শিশু চিকিৎসালয়খনত
চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ শ্ৰমদান দি অহা কৰ্মচাৰীসকলৰ অভিযোগ,স্থায়ী সমাধান নকৰাকৈ নতুন কৰ্মচাৰীৰ নিযুক্তি দিয়া হৈছে তেজপুৰৰ ১০০ খন বিছনাযুক্ত প্ৰসূতি শিশু চিকিৎসালয়খনত ৷

চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে তেজপুৰত স্বাস্থ্যৰ ক্ষোভৰ বহিঃপ্ৰকাশ
চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে তেজপুৰত স্বাস্থ্যৰ ক্ষোভৰ বহিঃপ্ৰকাশ
উল্লেখ্য যে, ২০১৯ বর্ষতেই উচ্চতম ন্যায়ালয়ে এইসকল লোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ জাৰি কৰিছিল যদিও ডিচেম্বৰ মাহতেই চৰকাৰৰ খালী হৈ থকা ৫২ টা বিভাগৰ পদত বহু লোকক নিযুক্তি দিয়া হয় ৷ কিন্তু স্বাস্থ্য বিভাগে শোণিতপুৰ জিলাৰ ৮৯ জন লোকৰ লগতে কণকলতা অসামৰিক চিকিৎসালয়ৰ প্ৰায় ২৫ জন লোকৰ চাকৰি নিয়মীয়াকৰণ নকৰাক লৈ ক্ষোভিত হৈ পৰে চতুৰ্থ বৰ্গৰ স্বাস্থ্যকৰ্মীসকল ।