অসম

assam

ETV Bharat / state

তেজপুৰৰ প্ৰতিষ্ঠিত ঠিকাদাৰৰ ঘৰ-কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান - আম বাগানস্থিত কাৰ্যালয়

tezpur Income Tax_Raid
তেজপুৰত আয়কৰ বিভাগৰ অভিযান

By

Published : Jan 29, 2021, 9:39 PM IST

Updated : Jan 29, 2021, 9:45 PM IST

21:05 January 29

তেজপুৰত আয়কৰ বিভাগৰ অভিযান ৷ তেজপুৰ চহৰৰ প্ৰতিষ্ঠিত ঠিকাদাৰ বাবুল দেৱ নাথৰ ঘৰ আৰু তেওঁৰ আম বাগানস্থিত কাৰ্যালয়ত আয়কৰ বিভাগে চলায় অভিযান ।

তেজপুৰ, ২৯ জানুৱাৰী : তেজপুৰত আয়কৰ বিভাগৰ অভিযান ৷ তেজপুৰ চহৰৰ প্ৰতিষ্ঠিত ঠিকাদাৰ বাবুল দেৱ নাথৰ ঘৰ আৰু তেওঁৰ আম বাগানস্থিত কাৰ্যালয়ত আয়কৰ বিভাগে চলায় অভিযান । নাথ উত্তৰ পূব ৰেলৱে বিভাগৰ এজন প্রতিষ্ঠিত ঠিকাদাৰ । 

শুকুৰবাৰে পুৱাৰ পৰা আয়কৰ বিভাগে গোপনে চলোৱা এই অভিযান নিশাৰ ভাগলৈকে অব্যাহত থাকে । বাবুল দেৱ নাথৰ উষাপুৰ পঞ্চায়তৰ অন্তৰ্গত বাৰীকা চুবৰী গাঁওৰ ঘৰ আৰু তেজপুৰ আম বাগানস্থিত কাৰ্যালয়তো বাতৰি প্ৰেৰণ কৰা সময় লৈকে তালাচী অব্যাহত ৰাখিছে আয়কৰ বিভাগে ।

জানিব পৰা মতে, বহুতো নিৰ্ভৰযোগ্য তথ্য পাতি বিভাগে পৰ্যবেক্ষণত আছে । আয়কৰ বিভাগৰ নতুন দিল্লীৰ আৰু গুৱাহাটীৰ পৰা অহা মুঠ ১১ জনীয়া দলে চলাই আছে এই অভিযান ৷ অভিযানকাৰী দলটোৱে এই পৰ্যন্ত সংবাদমাধ্যমক কোনো বিশেষ তথ্য দিয়াৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক : পুনৰ অনিৰ্দিষ্ট কাললৈ বাঘজান EPS বন্ধ !

Last Updated : Jan 29, 2021, 9:45 PM IST

ABOUT THE AUTHOR

...view details